গোলকগঞ্জ আৰু আগমনি আৰক্ষীৰ অভিযানত ৫ টাকৈ গৰু সহ বিলাসী বাহন জব্দ
চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰু আগমনি আৰক্ষীৰ অভিযান।
গোলকগঞ্জ আৰু আগমনি আৰক্ষীৰ অভিযানত ৫ টাকৈ গৰু সহ বিলাসী বাহন জব্দ


ধুবুৰী, ১০ ছেপ্টেম্বৰ (হি.স.): চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰু আগমনি আৰক্ষীৰ অভিযান অব্য়াহত আছে । শেহতীয়া অভিযানত ৫ টাকৈ গৰু সহ বিলাসী বাহন এখন জব্দ কৰা হৈছে ।

প্ৰাপ্ত তথ্য মতে যোৱা কালি বুধবাৰে সন্ধিয়া পশ্চিমবংগৰ পৰা গোলকগঞ্জ অভিমুখি এএছ ০১ বিএছ ৯২৪৩ নম্বৰৰ হুণ্ডাই আই টুৱেন্টি বাহন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু বাহন খন তীব্ৰ বেগত পলায়ন কৰাত আগমনি আৰক্ষী পিছে পিছে খেদি যায় আৰু গোলকগঞ্জ আৰক্ষী আগভেটি ধৰাত বাহন খন এখন বাহনিত থৈ চালকে পলায়ন কৰে। পিছত বাহন খনৰ পৰা আৰক্ষীয়ে ৫ টাকৈ গৰু উদ্ধাৰ কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande