
ৰশ্মিকা মণ্ডন্নাৰ বহু প্ৰত্যাশিত একচন নাটক মাইছাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। ২০২৬ চনৰ ২৭ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ৰবীন্দ্ৰ পুল্লে পৰিচালনা কৰা এই ছবিখনক ভাৰতৰ প্ৰথম মহিলা নেতৃত্বাধীন, সৰ্বভাৰতীয় ছবিৰ ভিতৰত অন্যতম বুলি অভিহিত কৰা হৈছে। এতিয়ালৈকে নিৰ্মাতাসকলে মুকলি কৰা বিভিন্ন লুক পোষ্টাৰত ৰশ্মিকাৰ তীব্ৰ শৈলী প্ৰদৰ্শন কৰা হৈছে, যিয়ে ছবিখনৰ প্ৰতি দৰ্শকৰ আশাক আৰু অধিক ইন্ধন যোগাইছে।
মাইছাত ৰশ্মিকাক এক শক্তিশালী আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰত দেখা যাব, যিটো তেওঁৰ পূৰ্বৰ চৰিত্ৰতকৈ একেবাৰে পৃথক বুলি কোৱা হয়। এই ছবিখনে অভিনেত্ৰীগৰাকীয়ে ইমান বৃহৎ পৰিসৰত একচন ভৰপূৰ আৰু তীব্ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সক্ষম হৈছে। আনফৰ্মুলা ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখন জনজাতীয় অঞ্চলৰ পটভূমিত নিৰ্মিত এখন আৱেগিক একচন থ্ৰিলাৰ। ছবিখনত আৱেগিক কাহিনী, একচন, আৰু বিশদভাৱে নিৰ্মিত ভিজুৱেল প্ৰদৰ্শিত হ’ব।
ছচিয়েল মিডিয়াত ছবিখনৰ পৰা নিজৰ চৰিত্ৰৰ আভাস শ্বেয়াৰ কৰি মুক্তিৰ তাৰিখ ঘোষণা কৰে ৰশ্মিকাই। ছবিখনৰ পোষ্টাৰত অভিনেত্ৰীগৰাকীৰ ৰূপান্তৰিত আৰু শক্তিশালী ৰূপে ইতিমধ্যে হুলস্থুলৰ সৃষ্টি কৰিছে। ‘মাইছা’ৰ জৰিয়তে মেকাৰসকলে সৰ্বভাৰতীয় পৰ্যায়ত নাৰীকেন্দ্ৰিক কাহিনী এটা উপস্থাপন কৰাৰ প্ৰস্তুতি চলাইছে। ২৭ নৱেম্বৰত চিনেমাগৃহত মুক্তি পাবলগীয়া এই ছবিখনত ৰশ্মিকাৰ নতুন অৱতাৰে দৰ্শকৰ ওপৰত কিমান প্ৰভাৱ পেলাব সেয়া চাবলৈ আগ্ৰহী হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া