কুমাৰীকাটাৰ ৰাজপথত ড্ৰাগছসহ সৰবৰাহকাৰী আটক
কুমাৰীকাটাৰ ৰাজপথত ড্ৰাগছসহ সৰবৰাহকাৰী আটক।
কুমাৰীকাটাৰ ৰাজপথত ড্ৰাগছসহ সৰবৰাহকাৰী আটক


তামুলপুৰ, ০১ ছেপ্তেম্বৰ (হি.স.): তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ ৰাজপথত যোৱা কালি সোমবাৰে সন্ধিয়া ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক কৰা হয় । তামুলপুৰ জিলাৰ কুমাৰীকাটাত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হয় ।

আৰক্ষীয়ে খেদি খেদি আটক কৰে জেহেৰুল হুছেইন (১৯) নামৰ যুৱকজনক । কুমাৰীকাটা আৰক্ষী চকীৰ পৰা মাত্ৰ প্ৰায় ১০০ মিটাৰ দূৰত্বত ড্ৰাগছসহ আটক কৰা হয় যুৱকজনক । আৰক্ষীয়ে যুৱকজনৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন যুৱকজনে এএছ ১৪ পি ৬১৬০ নম্বৰৰ পালচাৰ বাইকেৰে ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ অভিযানত ধৰা পৰে । ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande