নেপাল-ভাৰত নিৰাপত্তা সমন্বয়ৰ বৈঠকত ঝুলাঘাট চেকপইণ্টত কাৰ্যকৰী সময় বৃদ্ধিৰ বাবে সন্মতি
কাঠমাণ্ডু, ০১ ছেপ্টেম্বৰ (হি.স.)। নেপাল-ভাৰত সমন্বয়ৰ বৈঠকত সীমান্ত পাৰ হৈ যাতায়তৰ সুবিধাৰ বাবে বৈতাডীস্থিত ঝুলাঘাট চেকপইণ্টৰ কাম-কাজৰ সময় বৃদ্ধিৰ বাবে সহমতত উপনীত হৈছে। এতিয়া গ্ৰীষ্মকালত ঝুলাঘাট চেকপইণ্টত পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ আৰু শীতক
नेपाल भारत सीमा समन्वय बैठक


কাঠমাণ্ডু, ০১ ছেপ্টেম্বৰ (হি.স.)। নেপাল-ভাৰত সমন্বয়ৰ বৈঠকত সীমান্ত পাৰ হৈ যাতায়তৰ সুবিধাৰ বাবে বৈতাডীস্থিত ঝুলাঘাট চেকপইণ্টৰ কাম-কাজৰ সময় বৃদ্ধিৰ বাবে সহমতত উপনীত হৈছে। এতিয়া গ্ৰীষ্মকালত ঝুলাঘাট চেকপইণ্টত পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ আৰু শীতকালত পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ সঞ্চালন কৰা হ’ব ।

বৈতাদীৰ মুখ্য জিলা বিষয়া মীনা আৰ্যলে উল্লেখ কৰে যে বৈঠকত সীমান্ত সুৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ, দুৰ্যোগ ব্যৱস্থাপনা, তথ্য বিনিময়, বাণিজ্য সুবিধা আৰু সীমান্ত অঞ্চলত বসবাস কৰা নাগৰিকৰ সৈতে জড়িত উমৈহতীয়া স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। ঝুলাঘাট ওলমি দলংখনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। চি ডি অ’ আৰিয়ালৰ মতে, চলিত বিত্তীয় বৰ্ষৰ ভিতৰত নেপাল পক্ষই দলংখন মেৰামতি কৰিব বুলি ভাৰত পক্ষক অৱগত কৰা হৈছে।

তদুপৰি ভাৰতৰ বৈতাডী, দাৰ্চুলা আৰু পিথোৰাগড় অঞ্চলত বানপানী, ভূমিস্খলন, আৰু অন্যান্য দুৰ্যোগৰ সময়ত তাৎক্ষণিক তথ্য বিনিময় আৰু সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে দুয়োখন দেশৰ প্ৰশাসনিক আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে চুক্তি কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande