
বিশ্বনাথ, ৩১ আগষ্ট (হি.স.): বিশ্বনাথ জিলা আৰক্ষীয়ে দুটাকৈ বৃহৎ অভিযান চলায় । বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত যোৱা কালি দেওবাৰে সন্ধিয়া এই অভিযান চলাইছিল । প্ৰথম অভিযানত জব্দ ২ কেজি ওজনৰ নকল সোণ । এই সন্দৰ্ভত আটক কৰা হৈছে হৰিছ আলি ওৰফে সৰুবাবু নামৰ এজন লোক । এজন গ্ৰাহকক বিক্ৰীৰ বাবে অনা নকল সোন সহ হৰিছ আলিক বিশ্বনাথ জিলাৰ হাটিঙাৰ পৰা আটক কৰে।
দ্বিতীয় অভিযানত বিশ্বনাথ আৰক্ষীয়ে বিশ্বনাথৰ বাইপাছৰ পৰা এখন বলেৰ' পিক আপ সহ জব্দ কৰিছে প্ৰায় ৩০ কাৰ্ট'ন অবৈধ অৰুণাচলী সুৰা । সুৰা কঢ়িয়াই অনা এ আৰ ০৫ এ ২০০২ নম্বৰৰ বলেৰ' পিক আপ বাহনখনো জব্দ কৰা হয় । বিশ্বনাথ আৰক্ষীয়ে সুৰা ভৰ্তি বলেৰ'খন বেদেতীৰ পৰা খেদি খেদি ধৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ