৬০ দিনৰ ব্যৱধানত সেৱা উৎপাদন সূচকাংক মুকলি কৰাৰ পৰামৰ্শ
নতুন দিল্লী, ০৭ জুলাই (হি.স.)। বিশেষজ্ঞৰ এখন সমিতিয়ে প্ৰতিমাহে খণ্ডভিত্তিক সূচকাংক প্ৰস্তুত কৰি ৰেফাৰেন্স মাহৰ ৬০ দিনৰ ভিতৰত সেৱা উৎপাদন সূচকাংক মুকলি কৰাৰ পৰামৰ্শ দিছে বুলি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰে। এক বিবৃত
सांख्यिकी एवं कार्यक्रम कार्यान्वयन मंत्रालय के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০৭ জুলাই (হি.স.)। বিশেষজ্ঞৰ এখন সমিতিয়ে প্ৰতিমাহে খণ্ডভিত্তিক সূচকাংক প্ৰস্তুত কৰি ৰেফাৰেন্স মাহৰ ৬০ দিনৰ ভিতৰত সেৱা উৎপাদন সূচকাংক মুকলি কৰাৰ পৰামৰ্শ দিছে বুলি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰে।

এক বিবৃতিত মন্ত্ৰালয়ে উল্লেখ কৰে যে পৰিসংখ্যা মন্ত্ৰালয়ে ২০২৫ চনৰ মে’ মাহত নিটি আয়োগৰ বিশিষ্ট সহযোগী দেৱজনী ঘোষৰ অধ্যক্ষতাত সেৱা উৎপাদন সূচকাংক (আই এছ পি)ৰ কাৰিকৰী পৰামৰ্শদাতা সমিতি গঠন কৰিছিল। শিক্ষা আৰু উদ্যোগ সংস্থাৰ প্ৰতিনিধিৰ উপৰিও উৎপাদন সূচকাংকৰ কাৰিকৰী পৰামৰ্শদাতা সমিতিত সেৱা খণ্ডৰ সৈতে জড়িত মন্ত্ৰালয়/বিভাগৰ সদস্য অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিবেদনত ২ সংখ্যাৰ এনআইচি ২০২৫ স্তৰত সংকলনৰ বাবে লাছপেইৰছ ভলিউম সূচকাংকৰ পৰামৰ্শ দিয়া হৈছে, য'ত ২০২৪-২৫ ভিত্তি বছৰ হিচাপে, আৰু গ্ৰছ ভেল্যু এডেড (জিভিএ) ওজন ব্যৱহাৰ কৰি একত্ৰীকৰণ কৰা হৈছে।

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে উল্লেখ কৰে যে বিস্তৃত আলোচনা আৰু বিবেচনাৰ অন্তত সেৱা উৎপাদন সূচকাংকৰ ওপৰত কাৰিকৰী পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন চূড়ান্ত কৰা হৈছে। যোৱা এটা বছৰত সমিতিখনে আই এছ পি প্ৰস্তুত কৰাৰ ধাৰণা, পদ্ধতি আৰু কাৰ্য্যকৰী দিশসমূহৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰিছিল। পৰামৰ্শ প্ৰক্ৰিয়াৰ অংশ হিচাপে ২০২৬ চনৰ ২৭ এপ্ৰিলত আই এছ পি প্ৰস্তুত কৰাৰ পদ্ধতিৰ ওপৰত এখন দৃষ্টিভংগী পত্ৰ ৰাজহুৱা কৰা হৈছিল, য’ত অংশীদাৰসকলৰ পৰা মন্তব্য আৰু পৰামৰ্শ বিচাৰিছিল।

মন্ত্ৰালয়ে কয় যে এই প্ৰতিবেদনে অৰ্থনীতিৰ সংগঠিত খণ্ডৰ বাবে মাহেকীয়া আই এছ পি প্ৰস্তুত কৰাৰ বাবে এক বিস্তৃত কাঠামো প্ৰদান কৰে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইয়াৰ লক্ষ্য হৈছে ২০২৬ চনৰ ১৪ জুলাইত (ট্ৰাইল) আই এছ পি ছিৰিজ মুকলি হোৱাৰ পূৰ্বে ব্যৱহাৰকাৰীসকলক প্ৰস্তাৱিত আই এছ পি কাঠামো ভালদৰে বুজিবলৈ আৰু গ্ৰহণ কৰাত সহায় কৰা।

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে উল্লেখ কৰে যে আই এছ পিয়ে ঔদ্যোগিক উৎপাদনৰ পৰিপূৰক হিচাপে কাম কৰিব আৰু প্ৰথমবাৰৰ বাবে ভাৰতৰ অৰ্থনীতিৰ সংগঠিত খণ্ডত হ্ৰস্বম্যাদী পৰিৱৰ্তনৰ বিষয়ে মাহেকীয়া তথ্য প্ৰদান কৰিব। ইয়াত উল্লেখ কৰা হৈছে যে জি এছ টিয়ে বজাৰভিত্তিক সেৱা যেনে বাণিজ্য, খাদ্য সেৱা, দূৰসংযোগ, পেছাদাৰী সেৱা আদি বহুলাংশে সামৰি লয়, কিন্তু কিছুমান সেৱা যেনে স্বাস্থ্য আৰু শিক্ষা, ৰে’লৱেৰ বৃহৎ অংশ, স্বাস্থ্য বীমা, অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ ইত্যাদি, যিবোৰ সামগ্ৰী আৰু সেৱা কৰৰ পৰা ৰেহাই দিয়া হৈছে, সেইবোৰ অন্যান্য উৎসৰ পৰা সামৰি লোৱাৰ প্ৰয়োজন।

উল্লেখযোগ্য যে সেৱা খণ্ড ভাৰতীয় অৰ্থনীতিৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা আৰু গতিশীল খণ্ড। ভাৰতৰ মুঠ মূল্য সংযোজিতত ই প্ৰায় ৫৩ শতাংশ অৰিহণা যোগায়, বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি কৰে আৰু অৰ্থনৈতিক বৃদ্ধি, বিনিয়োগ আৰু ৰপ্তানিৰ মূল চালক হিচাপে আত্মপ্ৰকাশ কৰিছে। প্রস্তাৱিত আই এছ পি দেশৰ পৰিসংখ্যা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সেৱা খণ্ডৰ জোখ-মাখৰ উন্নতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande