
নগাঁও, ০৭ জুলাই (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ শিৱস্থানত যোৱা কালি সোমবাৰে সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এক নং গৰুমৰা অঞ্চলত অভিযান চলাই বাবুল আলীৰ বাসগৃহৰ পৰা সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি ৩০টা কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে বাবুল আলীক আটক কৰে আৰক্ষীয়ে ।
অভিযোগ অনুসৰি, বাবুল আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল । বাবুল আলীৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সকলো তথ্য বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ