
ইছলামাবাদ, ০৭ জুলাই (হি.স.)। পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ জিয়াৰাট জিলাত সোমবাৰে গভীৰ নিশা আৰক্ষীৰ আউটপোষ্টত আক্ৰমণ চলোৱাত দুজন ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’ সহ ৯ জন আৰক্ষী জোৱান নিহত হয়। ঘটনাৰ পিছতে আৰম্ভ কৰা যৌথ নিৰাপত্তা অভিযানত ১৫জন সন্ত্ৰাসবাদী নিহত হয়। আক্রমণকাৰীয়ে অপহৰণ কৰে পাঁচজন আৰক্ষী জোৱানক।
জিয়াৰাটৰ আৰক্ষী অধীক্ষক আব্দুল কুদুছে জনোৱা মতে, কাচ মাংগী ফেজ ৩ এলেকাৰ এটা আৰক্ষী আউটপোষ্টক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে। জিঅ’ নিউজ আৰু দুনিয়া নিউজে প্ৰকাশ কৰা অনুসৰি শ্বহীদ আৰক্ষী বিষয়াসকলৰ ভিতৰত আছে মংগী ষ্টেচন হাউছৰ বিষয়া মহম্মদ হুছেইন আৰু কোৱাছ ষ্টেচন হাউছৰ বিষয়া সোহবাত খান। মঙলবাৰে বিষয়াসকলে জনোৱা মতে, গোটেই নিশাটো নিৰাপত্তাৰক্ষী আৰু আক্ৰমণকাৰীৰ মাজত প্ৰচণ্ড গুলীচালনা অব্যাহত আছে। জোৱান কেইজনৰ মৃতদেহ জিয়াৰাটৰ জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। আক্ৰমণৰ পিছতে অঞ্চলটোত নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হয়।
বেলুচিস্তানৰ মুখ্যমন্ত্ৰীৰ তথ্য উপদেষ্টা শ্বাহিদ ৰিন্দে কয় যে জিয়াৰাট জিলাৰ মাংগী অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান সম্পূৰ্ণ হৈছে। এই অভিযানত পোন্ধৰজন সন্ত্ৰাসবাদী নিহত হয় । এই অভিযানত ফ্ৰন্টিয়াৰ কৰ্পছ, বেলুচিস্তান আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বিভাগ, বিশেষ অভিযান শাখা, আৰু সন্ত্ৰাসবাদ বিৰোধী বাহিনীয়ে অংশগ্ৰহণ কৰে।
পাকিস্তানৰ স্বৰাজ মন্ত্ৰী মহছিন নাকৱীয়ে এই আক্ৰমণক গৰিহণা দি শ্বহীদ আৰক্ষীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে এনে কাপুৰুষমূলক আক্ৰমণে শান্তি বিঘ্নিত কৰিব নোৱাৰে বা সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ সংকল্প দুৰ্বল কৰিব নোৱাৰে। ইফালে এই আক্ৰমণৰ পিছতে জিয়াৰাটত বৃহৎ পৰিসৰৰ প্ৰতিবাদৰ সৃষ্টি হয়, য’ত স্থানীয় জনজাতি, পৰিবহণকাৰী, শ্বহীদ আৰক্ষীৰ আত্মীয়ই অংশগ্ৰহণ কৰে । আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীয়ে বেলুচিস্তানৰ পৰা পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱা সংযোগী বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত শ শ যাত্ৰীবাহী বাছ আৰু মালবাহী বাহন আবদ্ধ হৈ পৰে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ