মৰিগাঁৱৰ বৰথল কছাৰী গাঁৱত পত্নীক এচিদ ঢালি আক্ৰমণ স্বামীৰ
মৰিগাঁও, ০৭ জুলাই (হি.স.)। মৰিগাঁও জিলাৰ বৰথল কছাৰী গাঁৱত এচিদ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । নিজ পত্নীক স্বামী গৃহলৈ নেযোৱাৰ বাবেই এচিদ ঢালি আক্ৰমণ কৰে স্বামী মঞ্জুৰ আহমেদ আৰু ছাহজাহান আলীয়ে। জানিব পৰামতে, স্বামী মঞ্জুৰ আহমেদে তৃতীয় বিবাহ কৰোৱাৰ বা
মৰিগাঁৱৰ বৰথল কছাৰী গাঁৱত পত্নীক এচিদ ঢালি আক্ৰমণ স্বামীৰ


মৰিগাঁও, ০৭ জুলাই (হি.স.)। মৰিগাঁও জিলাৰ বৰথল কছাৰী গাঁৱত এচিদ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।

নিজ পত্নীক স্বামী গৃহলৈ নেযোৱাৰ বাবেই এচিদ ঢালি আক্ৰমণ কৰে স্বামী মঞ্জুৰ আহমেদ আৰু ছাহজাহান আলীয়ে।

জানিব পৰামতে,

স্বামী মঞ্জুৰ আহমেদে তৃতীয় বিবাহ কৰোৱাৰ বাবে স্বামী গৃহ এৰি গুচি আহিছিল পত্নী মৌচুমী চুলতানা ।

ঘটনা সন্দৰ্ভত মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।

ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ধিঙৰ পৰা মঞ্জুৰ আহমেদক আটক কৰে ।

এতিয়াও পলাতক চাহজাহান আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande