
আহমেদাবাদ, ০৫ মে’ (হি.স.)। ভাৰতৰ এক নম্বৰ পেৰা টেবুল টেনিছ খেলুৱৈ নুৰজাহান নুৰালিয়ে এছিয়ান পেৰা গেমছ ২০২৬ৰ বাবে যোগ্যতা অৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি চাৰিখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।২০২৬ চনৰ অক্টোবৰ মাহত জাপানৰ আইচি প্ৰিফেকচাৰ আৰু নাগোয়াত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন।
বিশ্বৰ ২৭ নম্বৰ স্থানত থকা নুৰজাহানে বৰ্তমান চাৰিখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে, যিটো তেওঁৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় বুলি গণ্য কৰা হয়। এছিয়াৰ শীৰ্ষ ছয় স্থান দখল কৰি এছিয়ান পেৰা গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাটোৱেই তেওঁৰ লক্ষ্য। বৰ্তমান এছিয়াত অষ্টম স্থানত আছে ।
২৯ এপ্ৰিলৰ পৰা ২ মে’লৈকে মণ্টেনেগ্ৰ’ৰ পডগোৰিকাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ জৰিয়তে নুৰজাহানৰ অভিযান আৰম্ভ হৈছিল । তাৰ পিছত ৫ মে’ৰ পৰা ৯ মে’লৈ স্লোভেনিয়াৰ লাস্কোত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।ইয়াৰ পিছত ১১ মে’ৰ পৰা ১৫ মে’লৈ লাস্কোত অনুষ্ঠিত হ’বলগীয়া আন এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু ১৭ মে’ৰ পৰা ২১ মে’লৈ টাইৱানৰ টাইপেই চহৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
পাঁচ বছৰ বয়সত পলিঅ’ ৰোগত আক্ৰান্ত হোৱাৰ পিছতো নূৰজাহানে ২০২২ চনত প্ৰতিযোগিতামূলক টেবুল টেনিছলৈ ঘূৰি আহি দ্ৰুত সফলতা লাভ কৰে । আলটিমেট টেবুল টেনিছ নেশ্যনেল পেৰা চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ লগতে ২০২৫-২৬ চনত ইন্দোৰত অনুষ্ঠিত চিনিয়ৰ নেশ্যনেল পেৰা চেম্পিয়নশ্বিপত সফলতাৰে খিতাপ ৰক্ষা কৰিছিল ।
আহমেদাবাদৰ বাসিন্দা নূৰজাহানে আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ কনিষ্ঠ বিষয়া হিচাপে কাম কৰে। কোম্পানীয়ে তেওঁক প্ৰশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে যথেষ্ট সহায় আৰু নমনীয়তা প্ৰদান কৰিছে।
নূৰজাহানে এক বিবৃতিত কয় যে, মোৰ অৰ্হতাৰ বাবে এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ । নিৰন্তৰ সমৰ্থন আৰু এক বৃহৎ প্ৰশিক্ষণৰ পৰিৱেশৰ সৈতে মোৰ গুৰুত্ব এছিয়াৰ শীৰ্ষ ছয়ৰ ভিতৰত স্থান লাভ কৰাত ।
আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ সঞ্চালক প্ৰণৱ আদানীয়ে কয় যে নুৰজাহানৰ এই যাত্ৰাই তেওঁৰ আবেগ, অনুশাসন, অধ্যৱসায়ৰ প্ৰতিফলন ঘটায়। তেওঁ কয় যে কোম্পানীয়ে তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছে আৰু তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলিও কয় । আদানি স্প'ৰ্টছলাইনৰ গাৰ্ভ হাই পদক্ষেপৰ অধীনত নূৰজাহানক প্ৰশিক্ষণ, আৰ্থিক সহায়, আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে ।
এছিয়ান পেৰা গেমছৰ অৰ্হতাৰ কথা মনত ৰাখি এই আন্তঃৰাষ্ট্ৰীয় অভিযানক নূৰজাহান নূৰ আলীৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া