টেপে ছিগেমেন দবা প্ৰতিযোগিতা ২০২৬: প্ৰায় এবছৰৰ পিছত মেগনাছ কাৰ্লচেনৰ পৰাজয়, অৰ্জুন এৰিগাইছিৰ ড্ৰ’
মালমো, ০৫ মে’ (হি.স.)। টেপে ছিগেমেন দবা প্ৰতিযোগিতা ২০২৬ত বিশ্ববিখ্যাত খেলুৱৈ মেগনাছ কাৰ্লচেনে প্ৰায় এবছৰৰ পাছত শাস্ত্ৰীয় ফৰ্মেটত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়। চতুৰ্থ ৰাউণ্ডত জৰ্ডান ভান ফৰেষ্টৰ হাতত পৰাস্ত হয়। নৰৱে চেছ ২০২৫ত ডি গুকেছৰ হা
मैग्नस कार्लसन (दाएं) जॉर्डन वैन फॉरेस्ट से हार गए


মালমো, ০৫ মে’ (হি.স.)। টেপে ছিগেমেন দবা প্ৰতিযোগিতা ২০২৬ত বিশ্ববিখ্যাত খেলুৱৈ মেগনাছ কাৰ্লচেনে প্ৰায় এবছৰৰ পাছত শাস্ত্ৰীয় ফৰ্মেটত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়। চতুৰ্থ ৰাউণ্ডত জৰ্ডান ভান ফৰেষ্টৰ হাতত পৰাস্ত হয়।

নৰৱে চেছ ২০২৫ত ডি গুকেছৰ হাতত পৰাস্ত হোৱাৰ পিছৰে পৰাই কাৰ্লচেনে অপৰাজিত হৈ আছিল । এই মেচখনত ভ্যান ফৰেষ্টে আৰম্ভণিৰে পৰাই নিজৰ অগ্ৰগতি বজাই ৰাখিছিল আৰু কাৰ্লচেনক পুনৰ উভতি অহাৰ সুযোগ নিদিলে । অৱশেষত যেতিয়া তেওঁৰ নাইটটো আবদ্ধ হৈ পৰিল, তেতিয়া কাৰ্লচেনে পৰাজয় স্বীকাৰ কৰে।

মেচৰ পিছত ভেন ফৰেষ্টে কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ জয়ী হ’ব। তেওঁ কয় যে তেওঁ ড্ৰ’ৰ বাবে সাজু আছিল যদিও খেলখন হঠাতে তেওঁৰ পক্ষত ঘূৰিছিল আৰু পৰিস্থিতি সলনি হৈছিল। তেওঁ ইয়াক অতি আকৰ্ষণীয় মেচ বুলিও অভিহিত কৰে।

ইফালে ভাৰতৰ অৰ্জুন এৰিগাইছিয়ে নোদিৰবেক আব্দুছাত্তৰভৰ সৈতে ড্ৰ’ কৰে । ইয়াৰ পূৰ্বে অৰ্জুনে নিলছ গ্ৰেণ্ডেলিয়াছক পৰাস্ত কৰিছিল। এই ড্ৰ’ৰ সৈতে অৰ্জুন, আব্দুছাত্তাৰভ, আৰু ভ্যান ফৰেষ্ট দ্বিতীয় স্থানৰ বাবে সমতাত আছে।

অৰ্জুনে মেচখনত জয়ী হ’বলৈ চেষ্টা কৰিছিল যদিও শেষত দুয়োজন খেলুৱৈয়ে পইণ্ট ভাগ-বতৰা কৰিছিল। পৰৱৰ্তী ৰাউণ্ডত অৰ্জুনে জৰ্ডান ভেন ফৰেষ্টৰ বিৰুদ্ধে খেলিব, আনহাতে আব্দুছাত্তাৰভে নিলছ গ্ৰেণ্ডেলিয়াছৰ বিৰুদ্ধে খেলিব।

প্ৰতিযোগিতাখনত নিলছ গ্ৰেণ্ডেলিয়াছৰ প্ৰদৰ্শন হতাশাজনক আছিল, তেওঁ একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছিল । ইফালে ঝু জিনাৰে এণ্ডি উডৱাৰ্ডক পৰাস্ত কৰি প্ৰথমটো জয়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande