
কাঠমাণ্ডু, ০৫ মে’ (হি.স.)। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে সাংবিধানিক পৰিষদৰ অধ্যাদেশত অনুমোদন জনাইছে । চৰকাৰে এই অধ্যাদেশৰ বাবে ৰাষ্ট্ৰপতিক পুনৰ পৰামৰ্শ আগবঢ়াইছিল ।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি পৌডেলে চৰকাৰে পৰামৰ্শ দিয়া আঠখন অধ্যাদেশৰ ভিতৰত ৭খন অধ্যাদেশ জাৰি কৰিছিল যদিও সাংবিধানিক পৰিষদৰ সৈতে জড়িত অধ্যাদেশখন পুনৰ বিবেচনাৰ বাবে ঘূৰাই দিয়া হৈছিল।
সোমবাৰে মন্ত্ৰী পৰিষদে কোনো ধৰণৰ সালসলনি নোহোৱাকৈ পুনৰ জাৰি কৰা একেখন অধ্যাদেশ, তাৰ পিছত আজি ৰাষ্ট্ৰপতিয়ে জাৰি কৰে।
অধ্যাদেশত উল্লেখ আছে যে সাংবিধানিক পৰিষদৰ এখন বৈঠক চাৰিজন সদস্য উপস্থিত থাকিলে সম্পূৰ্ণ বুলি গণ্য কৰা হ’ব, আৰু উপস্থিত সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা সিদ্ধান্ত ল’ব পাৰি।
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সাংবিধানিক পৰিষদত ছয়জন সদস্য থাকে: প্ৰধানমন্ত্ৰী, মূল বিৰোধী দলৰ নেতা, মুখ্য ন্যায়াধীশ, প্ৰতিনিধি সদনৰ অধ্যক্ষ, উপ-সভাপতি আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া