জেএলআৰে ৭৫ লাখ পৰ্যন্ত হ্ৰাস কৰিলে ব্ৰিটেইনৰ পৰা আমদানি কৰা গাড়ীৰ মূল্য
নতুন দিল্লী, ০৫ মে’ (হি.স.)। বিলাসী বাহন নিৰ্মাতা কোম্পানী জাগুয়াৰ লেণ্ড ৰভাৰ (জেএলআৰ) ইণ্ডিয়াই নিজৰ প্ৰিমিয়াম গাড়ীৰ মূল্য ৭৫ লাখ ₹ পৰ্যন্ত যথেষ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) ৰূপায়ণৰ পূৰ্বে
जगुआर लैंडरोवर कार का प्रतीकात्मक चित्र


নতুন দিল্লী, ০৫ মে’ (হি.স.)। বিলাসী বাহন নিৰ্মাতা কোম্পানী জাগুয়াৰ লেণ্ড ৰভাৰ (জেএলআৰ) ইণ্ডিয়াই নিজৰ প্ৰিমিয়াম গাড়ীৰ মূল্য ৭৫ লাখ ₹ পৰ্যন্ত যথেষ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) ৰূপায়ণৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰিছে কোম্পানীটোৱে। তৎক্ষণাত কাৰ্যকৰী হৈছে নতুন মূল্য।

মঙলবাৰে কোম্পানীটোৱে এক বিবৃতিত কয় যে এই মূল্য হ্ৰাস ব্ৰিটেইনৰ পৰা আমদানি কৰা সম্পূৰ্ণ নিৰ্মিত ইউনিট (চিবিইউ) মডেলৰ ক্ষেত্ৰত প্ৰযোজ্য। এই হ্ৰাসৰ পিছত ৰেঞ্জ ৰভাৰ এছভিৰ এক্স শ্ব’ৰুম মূল্য ৪.২৫ কোটি ₹ৰ পৰা ৩.৫ কোটি ₹লৈ হ্ৰাস কৰাৰ বিপৰীতে ৰেঞ্জ ৰভাৰ স্প’ৰ্ট এছভিৰ আৰম্ভণিৰ মূল্য ২.৭৫ কোটি ₹ৰ পৰা ২.৩৫ কোটি ₹লৈ হ্ৰাস কৰা হৈছে।

জে এল আৰৰ মতে, তৎক্ষণাত কাৰ্যকৰী হোৱা নতুন মূল্যসমূহে চুক্তিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কোম্পানীটোৰ আস্থাক প্ৰতিফলিত কৰে। লেণ্ড ৰভাৰৰ হাই-এণ্ড এছ ইউ ভি ৰেঞ্জ ৰভাৰ এছ ভিৰ এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ মূল্য কৰ্তন। জে এল আৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে মূল্য হ্ৰাসৰ ফলত মূলতঃ সম্পূৰ্ণ নিৰ্মিত ইউনিট হিচাপে ভাৰতত উপস্থিত হোৱা ৰেঞ্জ ৰভাৰ এছ ভি আৰু ৰেঞ্জ ৰভাৰ স্প’ৰ্ট এছ ভি মডেলৰ লাভ হ’ব।

বিলাসী অটো নিৰ্মাতা জাগুয়াৰ লেণ্ড ৰভাৰৰ এই পদক্ষেপৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালন সঞ্চালক ৰাজন আম্বাই কয় যে কোম্পানীটোৱে ইতিমধ্যে এই বাণিজ্যিক চুক্তিৰ আশা কৰা সুবিধাসমূহ গ্ৰাহকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছে। তেওঁ কয় যে সংশোধিত মূল্য নিৰ্ধাৰণে জে এল আৰ ইণ্ডিয়াৰ গ্ৰাহককেন্দ্ৰিক পদ্ধতিক শক্তিশালী কৰিছে আৰু প্ৰিমিয়াম এছ ভি ৰেঞ্জক ক্ৰেতাৰ বাবে অধিক সুলভ কৰি তোলাৰ লক্ষ্য ৰাখিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande