
সুবোধ ভাৱেৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী বাবা নীব কৰোৰী মহাৰাজ’ৰ অফিচিয়েল টিজাৰ মুক্তি পালে। অনিশা ফিল্মছ ইণ্টাৰনেশ্যনেলৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে শৰদ সিং ঠাকুৰে। পৌৰাণিক আৰু আধ্যাত্মিক পটভূমিৰ আধাৰত নিৰ্মিত ছবিখনে দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।
টিজাৰত নিম কৰোলি বাবাৰ চৰিত্ৰত অভিনয় কৰিছে সুবোধ ভাৱেয়ে। ইয়াত তেওঁৰ আধ্যাত্মিক জীৱন, অলৌকিকতা আৰু ভক্তসকলৰ সৈতে সম্পৰ্কৰ আভাস পোৱা যায়। এই ছবিখনত বাবাৰ জন্মৰ পৰা ১৯৭৩ চনত মহাসমাধিলৈকে সমগ্ৰ যাত্ৰা উপস্থাপন কৰা হ’ব।
ছবিখনত হিতেন তেজৱানী, সমীক্ষা ভাটনগৰ, মোহিত গুপ্তা, আৰু হেমন্ত পাণ্ডেয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। অহা ২৪ এপ্ৰিলত ছবিগৃহত মুক্তি পাব 'শ্ৰী বাবা নীব কৰোৰী মহাৰাজ'।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া