
তিনিচুকীয়া, ০৮ এপ্ৰিল (হি.স.): তিনিচুকীয়াৰ শদিয়া সমষ্টিত প্ৰাক্ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে ৷ আজি পুৱতি নিশা কোনো দূৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই দিলে চাৰিচকীয়া বাহন আৰু ভড়াল ঘৰ ৷ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ৷ কাকপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷বিজেপিৰ সমৰ্থক হোৱাৰ বাবে কোনো দূৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ ভূক্তভোগী পৰিয়ালটোৰ ঘৰ ৷
অঞ্চলটোৰ ৩ নম্বৰ কাকপথাৰৰ সঞ্জয় গোৱালাৰ চাৰিচকীয়া বাহন আৰু ভড়াল ঘৰ পেট্ৰল ঢালি কোনো দূৰ্বৃত্তই জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ অভিযোগ অনুসৰি ৭ এপ্ৰিলৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বলিন চেতিয়াৰ সমৰ্থনত বিজেপিৰ এটা দলে সভা পাতিছিল সঞ্জয় গোৱালাৰ বাসগৃহত ৷ সেইবাবেই কোনো দূৰ্বৃত্তই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰে পৰিয়ালটোৱে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ