শিৱসাগৰ চেৰেকাপাৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বৃহৎ যোগদান কাৰ্যসূচী
নৱ প্ৰজন্মৰ প্ৰায় তিনি শতাধিক কৰ্মীৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
শিৱসাগৰ চেৰেকাপাৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বৃহৎ যোগদান কাৰ্যসূচী


শিৱসাগৰ, ০৮ এপ্ৰিল (হি.স.): অ-ৰাজনৈতিক সংগঠন ঐতিহাসিক শিৱসাগৰ জিলাত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুত এক বৃহৎ যোগদান কাৰ্যসূচী অনুস্থিত হয়। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক যুৱক যুৱতীয়ে আটাছুত যোগদান কৰে।

শিৱসাগৰ চেৰেকাপাৰ আতন বুঢ়াগোহাঁই প্ৰেক্ষাগৃহত অনুস্থিত হয় এই কাৰ্যসূচী। নৱ প্ৰজন্মৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ লগতে শিৱসাগৰ জিলা সমিতিৰ বহুকেইজন নেতা উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande