
কোকৰাঝাৰ, ০৩ মাৰ্চ (হি.স.)। পৰ্বতঝোৰাত এতিয়াও সক্ৰিয় চোৰাং গৰু চক্ৰ। নিশা ৰূপচী আৰক্ষীৰ অভিযানত চাৰিটা চোৰাং গৰুসহ বিলাসী বাহন জব্দ।
বাহনত চোৰাং গৰু ভৰ্তি কৰি সৰবৰাহ কৰতে ৰূপচী বিমানবন্দৰ টাৰ্ণিঙত তালাচী চলায আটক কৰে আৰক্ষীয়ে। চোৰাং গৰু ভৰ্তি বাহন খনৰ নং এ এছ ০১ বি বি ৪৮৫৬ বুলি জানিব পৰা গৈছে। চোৰাং গৰুকেইটা লৈ বাহনখন গোঁসাইগাঁওৰ পৰা গৌৰীপুৰ অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে।
ইফালে আৰক্ষীৰ তালাচী অভিযানৰ খবৰ লাভ কৰি আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং গৰু সৰবৰাহকাৰীকেইটা পলাই যাবলৈ সক্ষম হয়।
ৰূপচী আৰক্ষীয়ে চোৰাং গৰু চাৰিটা আৰু বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা