দুলীয়াজান বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব ৰামেশ্বৰ তেলী-মুখ্যমন্ত্ৰীৰ ঘোষণা
গুৱাহাটী, ০৩ মাৰ্চ (হি.স.)। দুলীয়াজান বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব ৰামেশ্বৰ তেলী। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাত অন
ৰাজ্য়সভাৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলী


গুৱাহাটী, ০৩ মাৰ্চ (হি.স.)। দুলীয়াজান বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব ৰামেশ্বৰ তেলী। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাত অনুষ্ঠিত এক কাৰ্যসূচীত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাক বিজেপিয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পাছতেই দুলীয়াজান সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। সেই অনুসৰি দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাও স্পষ্ট কৰে যে, দলৰ ভিতৰত নতুন যুৱনেতাসকলক সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰতো বিজেপি দায়বদ্ধ। দুলীয়াজানত নতুন যুৱনেতাই প্ৰাৰ্থিত্ব পাব নেকি বুলি সাংবাদিকসকলে সোধাত তেওঁ কয়, “নতুন যুৱনেতাই যোগদান কৰোঁতেই মই কৈছিলোঁ যে এইবাৰ নহয়, পাছত।” এই মন্তব্যৰ পাছত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এইবেলি প্ৰাৰ্থিত্ব লাভ কৰাৰ পথ ৰুদ্ধ হৈ পৰাটো স্পষ্ট হৈ পৰিল।

উল্লেখযোগ্য যে আজি বিজেপিয়ে অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিছে। কেবিনেট মন্ত্ৰী যোগেন মহন আৰু বিধায়ক তেৰছ গোৱালাক ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে আগবঢ়োৱা হৈছে। ৰাজ্যৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীৰ এই সিদ্ধান্তসমূহে নতুন সমীকৰণৰ সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande