নেপালত নিৰ্বাচনী কৰ্মী কঢ়িওৱা বাহন খাৱৈত পৰি মৃত্যু ২ জন, আহত ৭ জন
কাঠমাণ্ডু, ০৩ মাৰ্চ (হি.স.)। নেপালৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে ৰামেছাপ জিলাত নিৰ্বাচনী কৰ্মী আৰু নিৰ্বাচনী সামগ্ৰী কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন সাতজন লোক আহত হয়। নিহতসকলৰ ভিতৰত এজন কনিষ্ঠ আৰক্ষী বিষ
নেপালত নিৰ্বাচনী কৰ্মী কঢ়িওৱা বাহন খাৱৈত পৰি মৃত্যু ২ জন, আহত ৭ জন


কাঠমাণ্ডু, ০৩ মাৰ্চ (হি.স.)। নেপালৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে ৰামেছাপ জিলাত নিৰ্বাচনী কৰ্মী আৰু নিৰ্বাচনী সামগ্ৰী কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন সাতজন লোক আহত হয়। নিহতসকলৰ ভিতৰত এজন কনিষ্ঠ আৰক্ষী বিষয়া আৰু এজন ভোটগ্ৰহণ বিষয়াও আছে।

খবৰ অনুসৰি সোমবাৰে গভীৰ নিশা ৰামেছাপ জিলাৰ ছিৰুবাৰী অঞ্চলত ‘এন এ ৭ কে এইচ ৬৭৬৮’ নম্বৰৰ বাহনখন পথৰ পৰা আঁতৰি আহি গভীৰ খাৱৈত পৰি যায়।

দুৰ্ঘটনাটোত নেপাল আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক পৰশুৰাম যাদৱৰ থিতাতে মৃত্যু হয়। মন্থালী চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ভোটগ্ৰহণ বিষয়া ড’ৰ প্ৰসাদ ঘিমিৰে। এই কথা নিশ্চিত কৰিছে মুখ্য জিলা বিষয়া শ্যাম কৃষ্ণ থাপাই। ৰামেছাপৰ দেউৰালি অভিমুখে গৈ থকা গাড়ীখনে ভোটগ্ৰহণৰ কৰ্তব্যৰ বাবে নিযুক্ত কৰ্মীৰ সৈতে নিৰ্বাচনী সামগ্ৰী লৈ আহিছিল।

ঘিমিৰে ৰামেছাপ পৌৰসভা-২ৰ ৱাৰ্ড কাৰ্যালয় ভৱনত অৱস্থিত সংঘুটাৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ৰামেছাপ পৌৰসভা-৩ৰ সংঘুটাৰৰ চৰকাৰী বিদ্যালয়ত শিক্ষক আছিল। এই দুৰ্ঘটনাত আন ৭ জন লোক আহত হয়। আহত দুজন হৈছে ভীম বাহাদুৰ মানন্ধৰ, সম্বৰ বাহাদুৰ মানন্ধৰ, কৃষ্ণ প্ৰসাদ ঘিমিৰে, দুৰ্গা কাৰ্কী, ছাবিনা খাডকা, কেদাৰ কুমাৰ ৰোকা, আৰু পূজা দেৱী সুনুৱাৰ।

জিলা দণ্ডাধীশ থাপাৰ মতে, আহতসকলক উন্নত চিকিৎসাৰ বাবে বিমানযোগে কাঠমাণ্ডুলৈ লৈ যোৱা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande