
বাক্সা, ০৩ মাৰ্চ (হি.স.)। গোৰেশ্বৰত হোলী উপলক্ষে মাৰোৱাৰী সম্প্ৰদায়ৰ হোলিকা দহন উৎসৱ পালন। পৰম্পৰাগত গীত মাতেৰে গোৰেশ্বৰ হিন্দী স্কুল প্ৰাংগণত নিশা অনুস্থিত হয় হোলিকা দহন কাৰ্যসূচী। প্ৰতিবছৰৰ দৰে এইবেলিও গোৰেশ্বৰৰ স্থানীয় মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে হোলীৰ গীতৰ তালে তালে নৃত্য কৰি অগ্নিক প্ৰজ্বলিত কৰি হোলীৰ এদিন পূৰ্বে এই উৎসৱ পালন কৰে।
বিশেষকৈ প্ৰচলিত নিয়ম অনুসৰি হোলিকা দহন অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়। আজি সেয়ে শিশুৰ পৰা বৃদ্ধলৈ সকলো মাৰোৱাৰী সম্প্ৰদায়ৰ লোক ওলাই আহি হোলীকা দহন উৎসৱ পালন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা