হাজোৰ টাঙোনমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
কামৰূপ, ০৩ মাৰ্চ (হি.স.)। হাজোৰ টাঙোনমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। আজি দিনৰ ১১মান বজাত এজন খেতিয়কে খেতি পথাৰত গৈ থকা অৱস্থাত টাঙোন মাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ সুতীৰ পাৰত প্ৰত্যক্ষ কৰে এটা মৃতদেহ। ঘটনাৰ খবৰ পাই স্থানীয় গাওঁ প্ৰধানে ৰামদিয়া আৰক্ষীক খব
হাজোৰ টাঙোনমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ


কামৰূপ, ০৩ মাৰ্চ (হি.স.)। হাজোৰ টাঙোনমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। আজি দিনৰ ১১মান বজাত এজন খেতিয়কে খেতি পথাৰত গৈ থকা অৱস্থাত টাঙোন মাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ সুতীৰ পাৰত প্ৰত্যক্ষ কৰে এটা মৃতদেহ। ঘটনাৰ খবৰ পাই স্থানীয় গাওঁ প্ৰধানে ৰামদিয়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

মৃতদেহটো এগৰাকী পুৰুষৰ বুলি জানিব পৰা গৈছে। বয়স আনুমানিক প্ৰায় ৩৩ বছৰ। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৰামদিয়া আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande