ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ ঘোষণা নীতিন নবীনকে ধৰি ৯ জন প্ৰাৰ্থীৰ নাম
নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে ৰাজ্যসভাৰ ৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই তালিকাত বিহাৰৰ পৰা মনোনীত হোৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নামো সন্নিবিষ্ট কৰা হৈছে। বিজেপিয়ে এক বিবৃতিত কয় যে কেন্দ্ৰীয় নিৰ্বাচন
भाजपा अध्यक्ष नितिन नवीन


নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে ৰাজ্যসভাৰ ৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই তালিকাত বিহাৰৰ পৰা মনোনীত হোৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নামো সন্নিবিষ্ট কৰা হৈছে।

বিজেপিয়ে এক বিবৃতিত কয় যে কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া দ্বিবাৰ্ষিক ৰাজ্যসভা নিৰ্বাচনৰ বাবে তলত উল্লেখ কৰা মনোনয়ন পত্ৰত অনুমোদন জনাইছে: বিহাৰৰ পৰা নীতিন নবীন আৰু শিৱেশ কুমাৰ। অসমৰ পৰা তেৰশ গোৱালা আৰু যোগেন মোহনক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিয়ে। ছত্তীশগড়ৰ পৰা লক্ষ্মী বৰ্মা, হাৰিয়ানাৰ পৰা সঞ্জয় ভাটিয়া, ওড়িশাৰ পৰা মনমোহন সমল আৰু সুজিত কুমাৰ আৰু পশ্চিম বংগৰ পৰা ৰাহুল সিনহা।

উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত মাত্ৰ এদিন বাকী আছে। বিহাৰকে ধৰি ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰৰ ৭খন, তামিলনাডুৰ ৬খন, বিহাৰ আৰু পশ্চিম বংগৰ ৫খনকৈ, ওড়িশাৰ চাৰিখন, অসমৰ ৩খন, তেলেংগানা, ছত্তীশগড়, আৰু হাৰিয়ানাৰ দুখনকৈ, হিমাচল প্ৰদেশৰ এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

বিহাৰৰ পাঁচখন আসনৰ বাবে ২৬ ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হৈছিল। মনোনয়নৰ অন্তিম তাৰিখ ৫ মাৰ্চ । ৩ আৰু ৪ মাৰ্চৰ হোলী বন্ধৰ বাবে মনোনয়ন দাখিলৰ বাবে মাত্ৰ ৫ মাৰ্চ বাকী আছে। বিহাৰৰ পৰা অহা এপ্ৰিল মাহত কাৰ্যকাল শেষ হোৱা পাঁচজন সদস্যৰ ভিতৰত আছে ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিবাঞ্চ নাৰায়ণ সিং, কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰ, প্ৰেমচন্দ্ৰ গুপ্তা, অমৰেন্দ্ৰ ধৰী সিং, উপেন্দ্ৰ কুশৱাহা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande