গুৱাহাটী, ১৯ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনৰ আজ্ঞাঠুৰী–কামাখ্যা ৰেলপথৰ দ্বৈতকৰণ কাৰ্যৰ অংশ হিচাপে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল-কাম-ৰোড সেতু নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে। এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পটো ২০২৩–২৪ বিত্তীয় বৰ্ষত ১,৪৭৩.৭৭ কোটি টকাৰ অনুমোদিত ব্যয় সাপেক্ষে মঞ্জুৰ হৈছিল আৰু ইয়াক ২০২৯ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে।
ইয়াৰ অগ্ৰগতিৰ অংশ হিচাপে, ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰীত ৰেলৱে ব’ৰ্ডে বিস্তাৰিত এষ্টিমেট অনুমোদন জনোৱাৰ লগতে ডিজাইন ড্ৰয়িং এণ্ড ৰিপ’ৰ্ট (ডিবিআৰ) ২০২৫ বৰ্ষৰ মাৰ্চত চূড়ান্ত কৰা হয় আৰু উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদন কৰা হয়। চাব ষ্ট্ৰাকচাৰ আৰু চুপাৰ ষ্ট্ৰাকচাৰৰ ডিজাইনৰ বাবে ভূ-প্ৰযুক্তিগত তথ্যানুসন্ধান সম্পূৰ্ণ হৈছে আৰু সেতুৰ নিৰ্মাণ, সমীপৱৰ্তী পথ, ৰেল ভায়াডাক্ট, মাটিৰ কাম আৰু আনুষঙ্গিক কামৰ বাবে এটা ইপিচি টেণ্ডাৰ আহ্বান কৰা হৈছে। টেণ্ডাৰখন শীঘ্ৰেই চূড়ান্ত কৰা হ’ব বুলি আশা কৰা হৈছে আৰু তাৰ পিছত লগে লগেই নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।
প্ৰকল্পটোত আগিয়াঠুৰীৰ পৰা কামাখ্যালৈ ৭.০৬২ কিঃমিঃ দৈৰ্ঘ্যৰ এটা অংশৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে, য’ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিঃমিঃ দীঘল ষ্টীল কম্পোজিট গাৰ্ডাৰ সেতু থাকিব। আগন্তুক সেতুখনৰ তলৰ ডেকত দ্বৈত-লাইনৰ ৰেলপথ আৰু ওপৰৰ ডেকত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ থাকিব। উত্তৰ প্ৰান্তৰ ২.৬৯৪ কিঃমিঃ প্ৰৱেশ পথে আগিয়াঠুৰী ষ্টেচনৰ সৈতে সংযোগ স্থাপন কৰিব, আনহাতে দক্ষিণ প্ৰান্তৰ ৩.০৭ কিঃমিঃ প্ৰৱেশ পথে কামাখ্যা ষ্টেচনৰ সৈতে সংযোগ স্থাপন কৰিব।
এবাৰ সম্পূৰ্ণ হোৱাৰ পিছত, এই খণ্ডত লাইনৰ ক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি হব আৰু লগতে ঠাইখন ঔদ্যোগিক বিকাশৰ বাবেও প্ৰস্তুত হব। সংযোগ উন্নত কৰাৰ লগতে, এই প্ৰকল্পই আশে-পাশে থকা অঞ্চলসমূহৰ দক্ষ আৰু অদক্ষ শ্ৰমিকৰ বাবে যথেষ্ট কৰ্মসংস্থানৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী