ইম্ফল, ১৯ জুলাই (হি.স.)। মণিপুৰ আৰক্ষীয়ে যোৱা ২৪ ঘন্টাত চলোৱা অভিযানত ব্যাপক সফলতা অৰ্জন কৰিছে। শনিবাৰে আৰক্ষী মুখপাত্ৰই জনোৱা মতে, নামবোল থানা এলেকাৰ অন্তৰ্গত তিইডিম পথত অৱস্থিত লামাৰাম লামখাইৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন প্ৰিপাকৰ কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃতজনক নামবোল থানা এলেকাৰ লামাৰাম মামাং লেকাইৰ বাসিন্দা লেইচোম্বাম অজিত কুমাৰ সিং ওৰফে ইনাওটাম্বা বুলি চিনাক্ত কৰা হৈছে ।
অজিত কুমাৰৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী, চিকিৎসালয়, বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা ধন আদায় কৰাৰ অভিযোগ। আৰক্ষীয়ে তেওঁৰ পৰা এখন বগা ৰঙৰ মাৰুতি চুজুকি ফ্ৰান্স ডেল্টা গাড়ী, এটা মোবাইল ফোন আৰু এয়াৰটেলৰ চিম কাৰ্ড জব্দ কৰে।
আৰোং নংমাখং থানা এলেকাৰ অন্তৰ্গত পুমলেম পাটত অৱস্থিত চিংজাও দ্বীপ অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত আছে ১৪০৬টা ৯ মিমি গুলী, ১২৫টা ৰাউণ্ড .৩০৩ গুলী আৰু ৭টা খালী কাৰ্টিজ।
ইয়াৰ উপৰিও মণিপুৰ আৰক্ষীয়ে থৌবাল জিলাৰ লিলং থানা এলেকাৰ অন্তৰ্গত কলিয়াখং অইল পাম্পৰ পৰা দুজন বাহন চোৰক গ্ৰেপ্তাৰ কৰে। আটকাধীন অভিযুক্ত কেইজন হৈছে লিলং ছিৰিন্থং নিবাসী মহম্মদ আচৌবা (১৯) আৰু লিলং মাখা লেকাই নিবাসী মহম্মদ আব্দুল ৰাজাক ওৰফে চুৰনথবা (২০)।
তেওঁলোকৰ হাতৰ পৰা জব্দ কৰে এখন ৰয়েল এনফিল্ড গৰিলা মডেলৰ মটৰ চাইকেল। এই গোচৰসমূহৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া