সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ
গুৱাহাটী,১৯ জুলাই (হি.স.)। শুকুৰবাৰে সন্ধিয়া এটা চেটেলাইট চেনেল ৰ অনুষ্ঠান চলি থকাৰ সময়তে চেনেলটোৰ মুখ্য সম্পাদক তথা ৰাজ্যৰ এজন জ্যোষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ‍্যি গোৱালপাৰাৰ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীন তথা অপমানসূচক মন্তব‍্য প্
গুৱাহাটী প্ৰেছ ক্লাৱ


গুৱাহাটী,১৯ জুলাই (হি.স.)। শুকুৰবাৰে সন্ধিয়া এটা চেটেলাইট চেনেল ৰ অনুষ্ঠান চলি থকাৰ সময়তে চেনেলটোৰ মুখ্য সম্পাদক তথা ৰাজ্যৰ এজন জ্যোষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ‍্যি গোৱালপাৰাৰ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীন তথা অপমানসূচক মন্তব‍্য প্ৰকাশ কৰিলে। তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।

জেষ্ঠ‍্য সাংবাদিকজনে কৰা তথ‍্যভিত্তিক প্ৰশ্নৰ উত্তৰত বিধায়ক এ.কে ৰশিদ আলমে চেনেলটোৰ মুখ‍্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক ব‍্যক্তিগত ভাৱে আক্ৰমণৰ লক্ষ‍্য কৰি লয়। তেওঁৰ ওপৰত চিঞৰ-বাখৰেই নহয়, শালীনতাৰ সকলো সীমা চেৰাই গৈ লাইভ অনুষ্ঠানটোত গালি গালাজো পাৰিবলৈ লয়। এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গুৱাহাটী প্ৰেছ ক্লাৱে। প্ৰেছ ক্লাৱে এক প্ৰেছ বিবৃতি আজি কয় যে এয়া মাথো এক উদাহৰণহে, ৰাজনৈতিক ব‍্যক্তিসকলে অসুবিধাজনক প্ৰশ্নৰ সন্মুখীন হ’লেই সাংবাদিকসকলক প্ৰায়ে লক্ষ‍্য কৰি লয়। প্ৰেছ ক্লাৱৰ তৰফৰ পৰা কোৱা হয় যে, ৰাজনীতিৰ লগত জড়িত সকলো ব‍্যক্তিলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সকিয়নী-ৰাজহুৱা মঞ্চত ৰাজনৈতিক নেতা সকলে শিষ্টাচাৰৰ পৰিচয় দিয়ক আৰু প্ৰশ্নসমূহ তথ্যভিত্তিক উত্তৰে সমাধান কৰক, আক্ৰোশমূলক ভাৱে নহয়।

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত যদি গোৱালপাৰাৰ বিধায়ক জনে ক্ষমা নোখোজে, তেতিয়াহ’লে গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ‍্য হম। ইফালে জ্যোষ্ঠ সাংবাদিকগৰাকীক কৰা এই দুৰ্ব্যৱহাৰৰ তীব্ৰ গৰিহণা দি ইতিমধ্যে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সাংবাদিক, সংবাদকৰ্মী, বিভিন্ন দল সংগঠন তথা সাধাৰণ জনতাই।

ইফালে ভৱিষ্যতে যাতে কোনো ৰাজনৈতিক নেতা তথা কোনেও সাংবাদিকৰ লগত এনে অভব্য আচৰণ নকৰে তাৰ বাবেও সকলো দল সংগঠনে সকীয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande