কলগাছিয়াত আদৰ্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
বৰপেটা, ১৯ জুলাই (হি.স.)। কলগাছিয়া ৰূপসী শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৭৪ নং নদিয়াপাৰা (এ) আদর্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কামৰ আজি শুভাৰম্ভ কৰা হয়। উক্ত কামৰ আধাৰশিলা স্থাপন কৰে জনীয়া সমষ্টিৰ বিধায়ক ডo হাফিজ ৰফিকুল ইছলাম। সাংবাদিকৰ সৈতে হোৱা সাক্
কলগাছিয়াত আদৰ্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন


বৰপেটা, ১৯ জুলাই (হি.স.)। কলগাছিয়া ৰূপসী শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৭৪ নং নদিয়াপাৰা (এ) আদর্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কামৰ আজি শুভাৰম্ভ কৰা হয়। উক্ত কামৰ আধাৰশিলা স্থাপন কৰে জনীয়া সমষ্টিৰ বিধায়ক ডo হাফিজ ৰফিকুল ইছলাম। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। বিগত কেইদিন ধৰি কেইবা ঠাইত বুলডোজাৰ লগাই ঘৰ বাঢ়ি ভাঙি উচ্ছেদিত লোকক গুলীয়াই হত্যা কৰিছে। যাৰ পৰিপ্ৰেক্ষিতৰ উচ্ছেদিত লোকে হতাশগ্ৰস্ত হৈ বিভিন্ন পন্থা হাতত লৈছে।

চৰকাৰে কেৱল হিটলাৰী কায়দাৰে এটা জনগোষ্ঠীৰ সংখ্যালঘু মানুহক হত্যা কৰাৰ লগতে উচ্ছেদ কৰিছে। ইতিমধ্যে চৰকাৰে উচ্ছেদিত লোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ পৰিকল্পনা কৰিছে বুলি জনায়। সেয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যালীলাৰ লগতে উচ্ছেদ বন্ধ কৰি উচ্ছেদিত লোকক ক্ষতিপুৰণ দিয়াৰ লগতে পুনৰ সংস্থাপন দি ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনায়।

আজি আদর্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কামৰ শুভাৰম্ভ অনুষ্ঠানত জনীয়াৰ বিধায়ক ড° ৰফিকুল ইছলামৰ সৈতে উপস্থিত থাকে কলগাছিয়া ৰূপসী শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰেজীয়া বেগমে, জনীয়া বিধায়কৰ নমিনি নজৰুল ইছলাম, নিৰ্মাণ সমিতিৰ সভাপতি আৰমান আলী আদি কৰি ভালে সংখ্যক স্থানীয় ব্যক্তি। দীৰ্ঘ দিনীয়া অপেক্ষাৰ অন্তত নদিয়াপাৰা (এ) আদর্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাম শুভাৰম্ভ কৰাত ৰাইজে বিধায়ক গৰাকীক ভূয়সী প্ৰশংসা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande