মধ্যপ্ৰদেশৰ বালাঘাট জিলাত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মুখামুখি, অব্যাহত আছে তালাচী অভিযান
বালাঘাট, ১৯ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ লঞ্জী থানা এলেকাৰ অন্তৰ্গত ছত্তীশগড় সীমান্তৰ সমীপৱৰ্তী বাঘ নদীৰ পাৰৰ ঝুলনাপথ বনাঞ্চলত শনিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয়। ইয়াৰ ফলত একাংশ নক্সালবাদীৰ মৃত্য
सुरक्षा बलों और नक्सलियों के बीच मुठभेड़ (प्रतीकात्मक तस्वीर)


বালাঘাট, ১৯ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ লঞ্জী থানা এলেকাৰ অন্তৰ্গত ছত্তীশগড় সীমান্তৰ সমীপৱৰ্তী বাঘ নদীৰ পাৰৰ ঝুলনাপথ বনাঞ্চলত শনিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয়। ইয়াৰ ফলত একাংশ নক্সালবাদীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষী অধীক্ষক আদিত্য মিশ্ৰই এই এনকাউণ্টাৰ কাণ্ড নিশ্চিত কৰিছে। অৱশ্যে নক্সালবাদীৰ হত্যাকাণ্ডক তেওঁ অস্বীকাৰ কৰিছে। বর্তমান বনাঞ্চলত তালাচী অভিযান চলি থকা বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত মোতায়েন কৰা হৈছে হক ফৰ্চ আৰু কোব্ৰা বেটেলিয়নৰ জোৱান।

প্ৰাথমিক তথ্য অনুসৰি শনিবাৰে পুৱা ঝুলনাপথ বনাঞ্চলত নিৰাপত্তাৰক্ষীয়ে বিশেষ তালাচী অভিযান চলাই আছিল। এই সময়ছোৱাত নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ সৈতে মুখামুখি হয়, তাৰ পিছত দুয়োপক্ষৰ পৰা গুলীচালনা আৰম্ভ হয়। বৰ্তমান এই এনকাউণ্টাৰ চলি আছে আৰু অতিৰিক্ত বাহিনীক স্থানলৈ প্ৰেৰণ কৰা হৈছে। প্ৰশাসনে অঞ্চলটোত এক সতৰ্কবাণী জাৰি কৰি এনকাউণ্টাৰৰ সৈতে জড়িত বিতং তথ্যৰ বাবে অপেক্ষা কৰি আছে।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আদৰ্শকান্ত শুক্লাই জনোৱা মতে, শনিবাৰে পুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হোৱা এই এনকাউণ্টাৰ। দুই-তিনি ঘণ্টাৰ পিছত বন্ধ হৈ পৰে এই এনকাউণ্টাৰ। বৰ্তমান নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত তালাচী চলাই আছে। এই এনকাউণ্টাৰত নক্সালবাদী নিহত হোৱাৰ তথ্যও ওলাই আহিছে যদিও ঘন অৰণ্যত নেটৱৰ্কৰ সমস্যাৰ বাবে এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত বিতং তথ্য যোগাযোগ স্থাপনৰ পিছতহে উপলব্ধ হ’ব। থিতাতে মোতায়েন কৰা হৈছে হক ফৰ্চ আৰু কোব্ৰা বেটেলিয়নৰ জোৱান। আশংকা কৰা হৈছে যে এই গুলীচালনাত একাংশ নক্সালবাদীক গুলীয়াই হত্যা কৰা হৈছে।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ১৪ জুনত আৰক্ষী আৰু হক ফ’ৰ্চৰ যৌথ দলে ৰূপঝাৰ থানা এলেকাৰ কাটেঝিৰীয়াৰ বনাঞ্চলত বিশেষ তালাচী অভিযান চলাই চাৰিগৰাকী কঠোৰ মহিলা নক্সালবাদীক হত্যা কৰিছিল। ইয়াৰ পিছত এই মাহতে নক্সালবাদীক বিস্ফোৰক সামগ্ৰী যোগান ধৰাৰ অভিযোগত হাট্টা থানা এলেকাৰ ঠাকুৰতোলাৰ নৈনসিং ধুৰৱেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই গোচৰত আৰক্ষীয়ে ৫জন সন্দেহযুক্ত লোককো আটক কৰি জেৰা কৰিছে।

শনিবাৰে এই এনকাউণ্টাৰ সংঘটিত হোৱা অঞ্চলটো ছত্তীশগড়ৰ সীমান্তৰ বহু ওচৰত, তাৰ পৰাই নক্সালবাদী পলাই মধ্যপ্ৰদেশৰ বালাঘাটলৈ অহাৰ আশংকা কৰা হৈছে। ছত্তীশগড়ত অব্যাহত আছে নক্সালবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ কার্য৷ কেন্দ্রীয় চৰকাৰে অহা বছৰৰ ভিতৰত মাওবাদৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত লৈছে৷ এনে পৰিস্থিতিত মধ্যপ্ৰদেশতো তেওঁলোকৰ সম্ভাৱ্য আত্মগোপন স্থানত নিৰন্তৰ অনুসন্ধান চলোৱা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande