চাইবাৰ জালিয়াতিৰ ফলত হেৰুওৱা ভুক্তভোগীৰ ১৬ লাখ টকা উদ্ধাৰ কৰিলে চিআইডিয়ে
গুৱাহাটী, ১৯ জুলাই, (হি.স.)। ভুৱা ৰিয়েল ইষ্টেট কোম্পানীত বিনিয়োগ কৰি চাইবাৰ জালিয়াতিৰ বলি হ’ল ডিব্ৰুগড়ৰ এগৰাকী কৰ পৰামৰ্শদাতা। “গো মিলিয়ন” ফেচ বুক পেজত ২১৬ লাখ টকাৰ ধন আৰটিজিএছ ৰ জৰিয়তে পৰিশোধ কৰা হব বুলি কৰা প্ৰৱঞ্চনামূলক লিংকত প্ৰৱেশ কৰি বিগত
চাইবাৰ জালিয়াতিৰ ফলত হেৰুওৱা ভুক্তভোগীৰ ১৬ লাখ টকা উদ্ধাৰ কৰিলে চিআইডিয়ে


গুৱাহাটী, ১৯ জুলাই, (হি.স.)। ভুৱা ৰিয়েল ইষ্টেট কোম্পানীত বিনিয়োগ কৰি চাইবাৰ জালিয়াতিৰ বলি হ’ল ডিব্ৰুগড়ৰ এগৰাকী কৰ পৰামৰ্শদাতা। “গো মিলিয়ন” ফেচ বুক পেজত ২১৬ লাখ টকাৰ ধন আৰটিজিএছ ৰ জৰিয়তে পৰিশোধ কৰা হব বুলি কৰা প্ৰৱঞ্চনামূলক লিংকত প্ৰৱেশ কৰি বিগত বৰ্ষৰ ২৭ আগষ্টত ভুক্তোভাগী গৰাকী উক্ত ধনৰাশি বিনিয়োগ কৰিছিল ।

বিগত ১৫ জুলাই তাৰিখে চাইবাৰ হেল্পলাইন নম্বৰ ১৯৩০ৰ জৰিয়তে অভিযোগ পোৱাৰ লগে লগে চি আই ডি অসমে তৎক্ষণাত ফোন আৰু ই-মেইলৰ জৰিয়তে সংশ্লিষ্ট বেংকৰ ন’ডেল বিষয়া সকলক সতৰ্ক কৰি দিয়ে। তদন্তত প্ৰকাশ পাইছে যে উক্ত ধনৰাশী দুটা বেলেগ বেলেগ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। চি আই ডি অসম আৰু বেংকিং মধ্যস্থতাকাৰীৰ সমন্বিত আৰু তৎকালীন প্ৰচেষ্টাত ১৬ লাখ টকাৰ সমগ্ৰ ধনৰাশি সফলতাৰে অনুসন্ধান কৰি স্থগিত ৰখা হয়।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande