নতুন দিল্লী/হায়দৰাবাদ, ১৯ জুলাই (হি.স.)। হায়দৰাবাদৰ পৰা ফুকেটলৈ যোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান শনিবাৰে পুৱা কাৰিকৰী সমস্যাৰ বাবে উৰণৰ কিছু সময়ৰ পিছতে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উভতি যাবলগীয়া হৈছিল। বিমানখনত থকা সকলো যাত্ৰী সুৰক্ষিত। অৱশ্যে বিমান সংস্থাটোৱে বিমানখন ঘূৰি অহাৰ কাৰণ প্ৰকাশ কৰা নাই।
চৰকাৰী সূত্ৰই জনোৱা মতে, হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা থাইলেণ্ডৰ ফুকেটলৈ ৰাওনা হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX১১০ নম্বৰৰ বিমানখন উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰী কাৰণত ঘূৰি আহিছিল। এই বিমানখন পুৱা ৬:৪০ বজাত হায়দৰাবাদৰ পৰা ৰাওনা হৈছিল, যিটো নিৰ্ধাৰিত সময়ৰ পৰা প্ৰায় ২০ মিনিট পলম হৈছিল।
ফ্লাইট এৱেৰৰ পৰা ফ্লাইট ট্ৰেকিং তথ্য অনুসৰি বয়িং ৭৩৭ মেক্স ৮ (পঞ্জীয়ন ভিটি-বিডব্লিউএ) বিমানেৰে পৰিচালিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান নম্বৰ IX১১০ পুৱা ৬:৪১ বজাত উৰা মাৰিছিল যদিও পুৱা ৬:৫৭ বজাত হায়দৰাবাদলৈ উভতি আহিছিল। এই বিমানখনৰ মুঠ বিমান সময় আছিল মাত্ৰ ১৬ মিনিট। প্ৰথমে পুৱা ১১:৪৫ বজাত ফুকেটত অৱতৰণ কৰাৰ কথা আছিল বিমানখন।
বিমান পৰিবহণৰ সূত্ৰই নিশ্চিত কৰিছে যে যাত্ৰীসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি ক্ৰুৱে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰে। উৰণৰ কিছু সময়ৰ পিছতে তেওঁলোকে বিমানখন পুনৰ বন্দৰলৈ ওভতাই আনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া