পঞ্জাৱৰ আআপাৰ বিধায়ক আনমোল গগন মান পদত্যাগ, ৰাজনীতিৰ পৰা অৱসৰ
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Consolas;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}.pf0{} চণ্ডীগড়, ১৯ জুলাই (হি.স.)। পঞ্জাৱৰ শাসকীয় আম আদমী পাৰ্টি (আআপা)ৰ বিধায়ক আনমোল গগন মানে বিধায
अनमोल गगन


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Consolas;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}.pf0{}

চণ্ডীগড়, ১৯ জুলাই (হি.স.)। পঞ্জাৱৰ শাসকীয় আম আদমী পাৰ্টি (আআপা)ৰ বিধায়ক আনমোল গগন মানে বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে। সক্ৰিয় ৰাজনীতিৰ পৰাও অৱসৰ লোৱাৰ কথাও ঘোষণা কৰিছে। পঞ্জাৱ বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ কুলতাৰ সিং সন্ধাৱলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আনমোল গগন মানে।

শেহতীয়াকৈ আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল আনমোল গগন মানে, তাৰ পিছত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ বিষয়ে আলোচনা হৈছিল। শনিবাৰে এই আলোচনাৰ অন্ত পেলাই আনমোলে বিধায়ক পদৰ পৰা পদত্যাগ কৰে।

ছ’চিয়েল মিডিয়া একাউণ্ট এক্স ত তেওঁ লিখিছে, মোৰ হৃদয় গধুৰ। কিন্তু মই ৰাজনীতি এৰি দিয়াৰ সিদ্ধান্ত লৈছো। অধ্যক্ষক মোৰ পদত্যাগ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হৈছে। মোৰ শুভেচ্ছা দলৰ সৈতে। আশাকৰোঁ পঞ্জাৱ চৰকাৰে জনসাধাৰণৰ আশা পূৰণ কৰিব।

পঞ্জাৱত আম আদমি পাৰ্টিৰ সংগ্ৰামৰ সময়ত ২০২০ চনত আনমোল গগন মান এই দলত যোগদান কৰে।তাৰ আগতে আনমোল পাঞ্জাবী লোকগীতৰ ক্ষেত্ৰত সক্ৰিয় আছিল। ইয়াৰ উপৰিও বহু পাঞ্জাবী গীত আৰু এলবাম মুকলি কৰিছে।

ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত প্ৰচাৰ চলাই থকা সময়তে পঞ্জাৱত আম আদমী পাৰ্টি চৰকাৰ শাসনলৈ অহাৰ ২৪ ঘণ্টাৰ ভিতৰত ড্ৰাগছ সৰবৰাহকাৰীক নিঃশেষ কৰি পেলোৱা হ’ব বুলি দাবী কৰাৰ সময়তে মান লাইমলাইটলৈ আহে। লগতে দল এৰি যোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত কৃষকসকলক নূন্যতম সহায় মূল্য (এম এছ পি) কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু চৰকাৰ গঠনৰ পাছত এই দুয়োটা প্ৰতিশ্ৰুতি পূৰণ কৰাত দলটোৱে ব্যৰ্থ হৈছে, যাৰ বাবে প্ৰচাৰৰ সময়ত আনমোলৰ ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছিল।

উল্লেখযোগ্য যে ২০২২ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টিয়ে আনমোল গগান মানকোক খৰাৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী কৰি নিৰ্বাচনত জয়ী হৈছিল। ইয়াৰ পিছত ভাগৱত মান মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় যদিও ২০২৪ চনত হোৱা সালসলনিত তেওঁক মন্ত্ৰী পদৰ পৰা অব্যাহতি দিয়া হয়।

কেবিনেট মন্ত্ৰী হৈ থকা সময়ত আনমোল গগন মানে পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এতিয়া যোৱা কেইমাহমানৰ পৰা তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল আৰু কেৱল নিজৰ বিধানসভা সমষ্টিতে আৱদ্ধ হৈ আছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande