কামৰূপ, ১৭ জুলাই (হি.স.)। কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত নিৰুদ্দেশ হোৱা কিশোৰ এগৰাকী মেঘালয়ৰ চেৰাপুঞ্জীত ( Cherapunji)
উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ ঘোঁৰামাৰা জান পামৰ পৰা নিৰুদ্দেশ কিশোৰ জন যোৱা কালি বুধবাৰে ৰাতিপুৱা ১১ বজাত গোৱৰ্দ্ধন বজাৰলৈ চুলি কটোৱাব আহিছিল। আৰু তাৰ পিচৰ পৰা কিশোৰ জন নিৰুদ্দেশ হৈ আছিল।
ইতিমধ্যে পৰিয়ালৰ লোকে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল।
কোনো ব্যক্তিয়ে কিশোৰ জনক লগ পালে 9387747099 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছিল। ইতিমধ্যে আমাৰ হিন্দুস্থান সমাচাৰৰ ফালৰ পৰা নিৰুদ্দিষ্ট কিশোৰ জনৰ পৰিয়ালৰ লগত যোগাযোগ কৰাত কিছু সময়ৰ আগতে আজি দিনৰ প্ৰায় ৩-৩০ মান বজাত কিশোৰ জন মেঘালয়ৰ চেৰাপুঞ্জীত ( Cherapunji) আছে বুলি নিশ্চিত কৰিছে । কিশোৰ জন কেনেকৈ মেঘালয়ৰ চেৰাপুঞ্জী
পালেগৈ সেয়া বিতং জানিব পৰা নাই যদিও, লগৰ কোনো বন্ধুৰ লগত গৈছে বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু