ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰা দাবীত বকোত আৰছু জোৰ সমদল
ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰা দাবীত বকোত আৰছু জোৰ সমদল।
ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰা দাবীত বকোত আৰছু জোৰ সমদল


কামৰূপ, ০৭ ডিচেম্বৰ (হি.স.): হাছং স্বায়ত্বশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰা দাবীত বকোত যোৱা কালি শনিবাৰে সন্ধিয়া নিখিল ৰাভা ছাত্ৰ সন্থা (আৰছু)ই জোৰ সমদল বাহিৰ কৰে । দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি দি যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি পালন নকৰা ৰাভা হাছং পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কালি সন্ধিয়া বকোত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

তিনিওটা সংগঠনৰে বকো গান্ধী মৈদান প্ৰাংগণৰ পৰা জোৰ সমদল উলিয়াই। হাতে হাতে জোৰ লৈ প্ৰতিবাদকাৰী সকলে ‘আমাক ষষ্ঠ অনুসূচী লাগিবই’, ‘আমাৰ দাবী মানিবই লাগিব’, 'বিজেপি চৰকাৰ মিচলীয়া,' বিজেপি চৰকাৰ প্ৰতাৰক,' ‘বিজেপি চৰকাৰ হায় হায়, ‘আৰছু লং লিভ,’ ‘We want Sixth Schedule,' 'No Sixth Schedule No Rest’ আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। কেইবা শতাধিক পুৰুষ মহিলাৰ অংশগ্ৰহণেৰে উলিওৱা সমদলটি বকো চহৰৰ মাজমজিয়াৰে বকোৰ কেন্দুগুৰি স্থিত আৰছুৰ কাৰ্যালয়ত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande