
তামুলপুৰ, ০৭ ডিচেম্বৰ (হি.স.): বিটিচিৰ সচিবালয় আক্ৰমণ কৰা ঘটনাত হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলক ৰাজহুৱা সভাত সমালোচনা কৰা কাৰ্যক গৰিহণা দিছে দলটোৱে। তামুলপুৰৰ ইউপিপিএলৰ দলৰ বিধায়ক জলেন দৈমাৰীয়ে যোৱা কালি শনিবাৰে সন্ধিয়া সংবাদমেল অনুষ্ঠিত কৰি হাগ্ৰামাৰ দাবী নস্যাৎ কৰি গৰিহণা দিয়ে । তেওঁ কয় যে সচিবালয় লণ্ড ভণ্ড কৰা কৰাত ইউপিপিএল জড়িত নহয়। হাগ্ৰামা মহিলাৰীয়ে ভিত্তিহীন কথা কৈছে ৰাজহুৱা সভাত। বিটিচিৰ সচিবালয় আক্ৰমণ কৰা ঘটনাত জড়িত নাই ইউপিপিএল দল ।
উল্লেখ্য় যে যোৱা ৪ ডিচেম্বৰ তাৰিখে তামুলপুৰত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু ইউপিপিএলৰ বিধায়ক জলেন দৈমাৰীৰ সন্মুখত হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয় লণ্ড ভণ্ড কৰা ঘটনাত ইউপিপিএল আৰু এবছু জড়িত থকা বুলি গুৰুতৰ অভিযোগৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইউপিপিএল দলৰ বিধায়ক গৰাকীয়ে। ইউপিপিএলক টাৰ্গেট কৰি গালি গালাজ কৰি হাগ্ৰামাই বিটিচি চৰকাৰ চলাব নোৱাৰে। হাগ্ৰামাৰ কোনো জাতি জনগোষ্ঠীক লৈ চিন্তা নকৰে। হাগ্ৰামাক মাৰিব বিচৰা নাই ইউপিপিএলয়ে। হয়তো নিজৰ ওপৰত নিজে আক্ৰমণ কৰাই ইউপিপিএল দলক দোষ জাপি দিব পাৰে হাগ্ৰামাই। যোৱা ডেৰ মাহ ধৰি তেখেত কেৱল প্ৰমোদ বড়োক গালি পাৰি পাৰ কৰিলে। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মতে, আজিলৈ মাটিৰ পট্টাৰ কোনো কাম আগবঢ়াব পৰা নাই বুলিও অভিযোগ তোলে বিধায়ক গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ