

নতুন দিল্লী, ০৭ ডিচেম্বৰ (হি.স.)। বিগত কিছুদিন ধৰি দেশৰ বিমান পৰিবহণ খণ্ডত যি বিশৃংখলতা জুৰুলা কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰ সক্ৰিয় হৈ পৰিছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ কিষাণ মোহলে এই পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ ইণ্ডিগ’ৰ পৰিচালনাক জগৰীয়া কৰে।
মন্ত্ৰী মোহলে উল্লেখ কৰে যে দিল্লী উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱা ফ্লাইট ডিউটি টাইম লিমিট (এফডিটিএল) নিয়মাৱলী কাৰ্যকৰী কৰাত ইণ্ডিগ’ৰ গাফিলতিৰ ফলত কাম-কাজত ব্যাঘাত জন্মে আৰু যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আদালতৰ নিৰ্দেশ অনুসৰি এফ ডি টি এলৰ কৰ্তব্যৰ সময়সীমা ১০ ঘণ্টাৰ পৰা ৮ ঘণ্টালৈ হ্ৰাস কৰা হয়।
মন্ত্ৰী মোহলে কয় যে মন্ত্ৰালয়ে বিমান সংস্থাসমূহক এই নিয়মসমূহ দুটা পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল: ২০২৫ চনৰ ১ জুলাই আৰু ২০২৫ চনৰ ১ নৱেম্বৰ, কিন্তু ইণ্ডিগ’ই ইয়াক গুৰুত্বসহকাৰে লোৱা নাছিল। ইয়াৰ পিছত পৰিস্থিতি অধিক বেয়া হোৱাৰ লগে লগে মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি চাৰিজনীয়া তদন্ত সমিতি গঠন কৰি ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰে।
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈ এফ ডি টি এল কাৰ্যকৰী কৰাৰ সময়সীমা পিছুৱাই দিছে চৰকাৰে।
মন্ত্ৰী মহলে উল্লেখ কৰে যে যাত্ৰীসকলৰ ক্ষোভ ন্যায্য আৰু তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শীঘ্ৰে বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।
একে ধাৰাতে হঠাৎ বিমান ভাড়া বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে নতুন ভাড়া তালিকা জাৰি কৰিছে। এই সংকটৰ ফলত ক্ষতিগ্ৰস্ত যাত্ৰীসকলে কোনো ধৰণৰ বাতিলৰ চাৰ্জ নোহোৱাকৈ সম্পূৰ্ণ ধন ঘূৰাই পাব, আৰু হেৰুওৱা বাকচ (লাগেজ) ৪৮ ঘণ্টাৰ ভিতৰত ঘূৰাই দিয়া হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ