
কোকৰাঝাৰ, ০৭ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি জল জীৱন মিছন ৰূপায়ন কৰাত অনিয়ম হোৱাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজ্যত জল জীৱন মিছন আঁচনিৰ বিশুদ্ধ খোৱা পানী যোগান প্ৰকল্প নিৰ্মান কামৰ অনিয়মৰ তথ্য। সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাতো জল জীৱন মিছন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংগঠিত হৈছে অনিয়ম।
পৰ্বতঝোৰাৰ টিপকাই নেপালীবস্তি তিনি বছৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ জড়িয়তে এটা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ নিৰ্মান কাম আৰম্ভ কৰিছিল। পিছে ঠিকা লাভ কৰা ঠিকাদাৰ জনে আধাতেই নিৰ্মান কাম বন্ধ কৰি উধাও হোৱাত অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱা পানী পৰা বঞ্চিত হ’ব লগা হৈছে। ঠিকাদাৰে প্ৰতিটো ঘৰতে পানী যোগান দিয়াৰ বাবে যিসমূহ নল স্থাপন কৰিছিল সেই নল সমূহ এতিয়া ভাঙি ছিঙি মাটিত পৰি থকাৰ লগতে পানী যোগান কেন্দ্ৰটো এতিয়া ঘন জংঘলে আৱৰি ধৰিছে। স্থানীয় পাহাৰীয়া ৰাইজে এতিয়া পানী যোগান প্ৰকল্পটো অতি সোনকালে পুনৰ নিৰ্মান কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ