
কামৰূপ, ০৭ ডিচেম্বৰ (হি.স.): কামৰূপ জিলাৰ হাজো বামুন তোলা কালী মন্দিৰৰ পৰা চুৰি হোৱা কালী মূৰ্তিটো উদ্ধাৰ কৰিছে হাজো আৰক্ষীয়ে। হাজোৰ চানা কুটিৰ উদ্যোগত হাজো আৰক্ষীয়ে বৃহৎ অভিযান চলাই মুৰ্তিটো উদ্ধাৰ কৰে। হাজো আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃতত এই অভিযান চলোৱা হৈছিল । কাঁহ পিতলৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ পৰা উদ্ধাৰ কৰে মন্দিৰৰ পৰা চুৰি হোৱা কালী মূৰ্তি এই বিগ্ৰহটো।
উল্লেখযোগ্য কালি বিয়লি ভাগত হাজো আৰক্ষীত দাখিল হৈছিল এখন এজাহাৰ। এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰে এই বিগ্ৰহটো। এই সন্দৰ্ভত হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজাজ আলী নামৰ এজন যুৱকক। ইতিমধ্যেই হাজো আৰক্ষীয়ে ছিল কৰিছে মূৰ্তি উদ্ধাৰ হোৱা ব্যৱসায় প্ৰতিষ্ঠান খন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ