
নতুন দিল্লী/পানাজী, ০৭ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা ট্ৰেজেডীক লৈ শোক প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে তাৎক্ষণিক আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। এক্স-মেইল বাৰ্তাযোগে মোদীয়ে ঘোষণা কৰে যে গোৱাৰ অৰ্পোৰাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ প্ৰতিটো পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ ₹ৰ এককালিন সাহাৰ্য প্ৰদান কৰিব। আহতসকলে লাভ কৰিব ₹৫০,০০০ টকা।
প্ৰধানমন্ত্ৰীয়ে এক্স-মেইলযোগে লিখিছে, এই ঘটনা গভীৰভাৱে মৰ্মান্তিক। আপোনজনক হেৰুওৱা সকলোকে মোৰ সমবেদনা। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰক। পৰিস্থিতি সন্দৰ্ভত গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তৰ সৈতে কথা পাতিলোঁ। ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।
ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্স বাৰ্তাযোগে কয় যে, উত্তৰ গোৱা জিলাত সংঘটিত হোৱা এই কৰুণ অগ্নিকাণ্ডৰ ফলত মই গভীৰভাৱে দুখী হৈছো, যিয়ে ইমানবোৰ বহুমূলীয়া প্ৰাণ হেৰুৱাইছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা। এই কঠিন সময়ত তেওঁলোকে সাহস পাওক। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।
যোৱা নিশা উত্তৰ গোৱাৰ অৰ্পোৰাৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হৈ ২৩ জন লোকৰ মৃত্যু হয়। গোৱাৰ আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰে উল্লেখ কৰে যে নিহত আটাইকেইজনেই ক্লাবৰ কৰ্মচাৰী। এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। তেওঁ লগতে কয় যে এই পৰ্যন্ত ২৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু স্থানীয় বিধায়ক মাইকেল লোবো। লোবোৱে উল্লেখ কৰে যে এতিয়ালৈকে কোনো পৰ্যটকৰ মৃত্যু হোৱা নাই। বিষয়াসকলে জনোৱা মতে, জুই নিয়ন্ত্ৰণ আৰু অধিক তদন্তৰ বাবে তৎক্ষণাত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।
এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই কয় যে গোৱাৰ দৰে এখন পৰ্যটন ৰাজ্যৰ বাবে এই ঘটনা অতি দুৰ্ভাগ্যজনক। তেওঁ উল্লেখ কৰে যে নিয়ম-নীতি আওকাণ কৰি অবৈধভাৱে এনে প্ৰতিষ্ঠান চলোৱাৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হয় আৰু ইয়াৰ ফলত ২৩ জন লোকে প্ৰাণ হেৰুৱাইছিল। চৰকাৰে এই ঘটনাৰ তদন্ত কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ