গোৱা নাইট ক্লাবত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড, ২৩ জন কৰ্মচাৰীৰ মৃত্যু
পানাজী, ০৭ ডিচেম্বৰ (হি.স.)। উত্তৰ গোৱাৰ অৰ্পোৰাৰ এটা নাইট ক্লাবত যোৱা নিশাৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডত ২৩ জন লোকৰ মৃত্যু হয়। গোৱাৰ আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰে উল্লেখ কৰে যে নিহত আটাইকেইজনেই ক্লাবৰ কৰ্মচাৰী। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে এই অগ
घटनास्थल पर खड़ी एंबुलेंस।


পানাজী, ০৭ ডিচেম্বৰ (হি.স.)। উত্তৰ গোৱাৰ অৰ্পোৰাৰ এটা নাইট ক্লাবত যোৱা নিশাৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডত ২৩ জন লোকৰ মৃত্যু হয়। গোৱাৰ আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰে উল্লেখ কৰে যে নিহত আটাইকেইজনেই ক্লাবৰ কৰ্মচাৰী। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে এই অগ্নিকাণ্ড সংঘটিত হয়। তেওঁ লগতে কয় যে এই পৰ্যন্ত ২৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু স্থানীয় বিধায়ক মাইকেল লোবো। লোবোৱে উল্লেখ কৰে যে এতিয়ালৈকে কোনো পৰ্যটকৰ মৃত্যু হোৱা নাই। বিষয়াসকলে জনোৱা মতে, জুই নিয়ন্ত্ৰণ আৰু অধিক তদন্তৰ বাবে তৎক্ষণাত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হৈছে।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে। তেওঁ কয় যে এই ঘটনা গোৱাৰ দৰে এখন পৰ্যটন ৰাজ্যৰ বাবে অতি দুৰ্ভাগ্যজনক। তেওঁ উল্লেখ কৰে যে নিয়ম-নীতি আওকাণ কৰি অবৈধভাৱে এনে প্ৰতিষ্ঠান চলোৱাৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হয় আৰু ইয়াৰ বাবে ২৩ জন লোকৰ প্ৰাণ হেৰুৱাইছিল। চৰকাৰে এই ঘটনাৰ তদন্ত কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande