
ধুবুৰী, ০৭ ডিচেম্বৰ (হি.স.)। ধুবুৰীৰ চাপৰত ৰেলৰ খুন্দাত এজনৰ মৃত্যু। সোনামূখী বেতবাৰীত আজি ৰাতিপুৱাৰ ভাগতেই সংঘটিত হয় এই দুৰ্ঘটনা ।তীব্ৰবেগী ৰেলৰ আগত পৰাত ৰেলে লোকজনক মহতিয়াই নিয়ে । হেড ফোন শুনি শুনি ৰেলপথ পাৰ হোৱাৰ পৰিণাম ভোগ কৰিলে এজন যুৱকে।
জানিব পৰা মতে যুৱক জন গুৱাহাটীৰ পৰা উভতি ঘৰলৈ যোৱাৰ সময়ত সোনামূখী বেতবাৰীত বাছৰ পৰা নামি ৰেলপথেদি পথ চমুৱাই কাণত হেড ফোন লগাই গৈ থকাৰ সময়তে পিছফালৰ পৰা ৰে'লে মহতিয়াই লৈ যায় যুৱক জনক । দূৰ্ঘটনাত নিহত হোৱা ৩৫ বছৰীয়া যুৱক জন চৰুৱাবাখৰা গাঁওৰ বক্কাৰ আলী বুলি জানিব পৰা গৈছে ।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ৰেল আৰক্ষী তথা স্থানীয় আৰক্ষীৰ লোক উপস্থিত হৈ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ