
নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। ভাৰত আৰু আমেৰিকাই ১০ ডিচেম্বৰৰ পৰা প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ ওপৰত তিনিদিনীয়া আলোচনা আৰম্ভ কৰিব। দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিৰ বাবে এই আলোচনা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
চৰকাৰী সূত্ৰই শনিবাৰে জনোৱা মতে, ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা অহা ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।এই আলোচনা তিনিদিন ধৰি চলিব। এই আলোচনা ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো দুয়োখন দেশেই চুক্তিৰ প্ৰাৰম্ভিক অংশ চূড়ান্ত কৰাৰ চেষ্টা চলাইছে।
আমেৰিকাৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব আমেৰিকাৰ উপ-বাণিজ্য প্ৰতিনিধি (ইউএছটিআৰ) ৰিক চুইজাৰে। ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত প্ৰস্তাৱিত আলোচনা আৰু ১২ ডিচেম্বৰত সমাপ্ত হ’ব।এয়া কোনো আনুষ্ঠানিক আলোচনাৰ ৰাউণ্ড নহয়।
উল্লেখযোগ্য যে আগষ্ট মাহত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিবলৈ লোৱা পদক্ষেপৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ প্ৰতিনিধি দল ভাৰত ভ্ৰমণ কৰি বাণিজ্যিক চুক্তিৰ আলোচনাত মিলিত হৈছে। ইয়াৰ পূৰ্বে ১৬ ছেপ্টেম্বৰত আলোচনাৰ বাবে আমেৰিকাৰ প্ৰতিনিধি দল ভাৰত ভ্ৰমণ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ