ইণ্ডিগো এয়াৰলাইন্সৰ বিঘিনিৰ ফলত নেপালৰ বিমান সেৱা প্ৰভাৱিত
কাঠমাণ্ডু, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতত ইণ্ডিগো এয়াৰলাইন্সৰ বিমান চলাচলত ব্যাঘাত জন্মাৰ ফলত নেপাল-ভাৰত পথৰ বিমান সেৱাত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বৃহস্পতিবাৰে দিল্লী আৰু মুম্বাইৰ পৰা কাঠমাণ্ডুলৈ আন তিনিখন বিমান প্ৰায় এঘণ্টা পলম কৰি ৰাওনা হয়। শুকুৰবাৰ
काठमांडू हवाईअड्डे पर पहुंचा इंडिगो का विमान


কাঠমাণ্ডু, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতত ইণ্ডিগো এয়াৰলাইন্সৰ বিমান চলাচলত ব্যাঘাত জন্মাৰ ফলত নেপাল-ভাৰত পথৰ বিমান সেৱাত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বৃহস্পতিবাৰে দিল্লী আৰু মুম্বাইৰ পৰা কাঠমাণ্ডুলৈ আন তিনিখন বিমান প্ৰায় এঘণ্টা পলম কৰি ৰাওনা হয়। শুকুৰবাৰে বিমান সেৱাও প্ৰভাৱিত হৈছে। আজি পুৱা ৯ বজাত অৱতৰণ কৰিবলগীয়া প্ৰথমখন বিমান তিনি ঘণ্টীয়া পলম হোৱাৰ অন্তত দিনৰ ১২ বজাত অৱতৰণ কৰে।

কাঠমাণ্ডু বিমানবন্দৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৪ বজাত কাঠমাণ্ডুত অৱতৰণ কৰিবলগীয়া ৬ই-১১৫৫ নম্বৰৰ বিমানখন সন্ধিয়া ৭:৩০ বজাত অৱতৰণ কৰে। একেদৰে দিল্লীৰ পৰা নিশা ১২:৩০ বজাত অৱতৰণ কৰিবলগীয়া আন এখন ইণ্ডিগো বিমানে ডেৰ-দুঘণ্টা পলম হোৱাৰ খবৰ পোৱা গৈছে। লগতে শুকুৰবাৰে আহি পোৱা মুম্বাইৰ পৰা ৬ই ১৯১৫ নম্বৰৰ বিমানখনো প্ৰায় দুঘণ্টা পলমকৈ অৱতৰণ কৰাৰ কথা।

তিনিখন দিল্লী-কাঠমাণ্ডু-দিল্লী বিমান আৰু এখন মুম্বাই-কাঠমাণ্ডু বিমানকে ধৰি দৈনিক আঠটা যাত্ৰা-ভ্ৰমণ বিমান পৰিচালিত ইণ্ডিগ’ৰ কাঠমাণ্ডু কাৰ্যালয়ে বিমান পৰিবহণ প্ৰভাৱিত হ’ব বুলি উল্লেখ কৰিছে যদিও ভাৰতৰ বিপৰীতে নেপালত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা নহ’ব। ভাৰতত ক্ৰু ৰষ্টাৰৰ কঠোৰ নিয়ম কাৰ্যকৰী কৰাৰ ফলত উদ্ভৱ হোৱা উত্তেজনা আৰু জৰুৰীকালীন এয়াৰবাছৰ চফট্ ৱেৰ আপডেটৰ ফলত হোৱা বিমানৰ ব্যাঘাত নেপালত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে।

নেপালত ইণ্ডিগ’ৰ জি এছ এৰ প্ৰতিনিধি ভোলা বিক্ৰম থাপাৰ মতে, এয়াৰবাছৰ চফটৱেৰ আপডেটৰ বাবে নেপাললৈ ইণ্ডিগ’ৰ বিমান পলম হোৱাৰ বিপৰীতে ভাৰতৰ দৰে বাতিল হোৱা নাই। তেওঁ উল্লেখ কৰে যে কিছুদিনৰ ভিতৰত ইণ্ডিগ’ৰ বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। ভাৰতীয় বিমানবন্দৰৰ দৰে নেপালত বিশেষ প্ৰভাৱ নপৰে। এইবোৰ কেৱল চফ্টৱেৰ আপডেটৰ বাবে হোৱা পলম; বাতিল কৰা নহ’ব বিমান সেৱা।

ইণ্ডিগো ভাৰতৰ সৰ্ববৃহৎ আৰু জনপ্ৰিয় বিমান সংস্থা। ৪০০ খনতকৈও অধিক বিমানেৰে এই বিমান সংস্থাটোৱে দৈনিক ২২০০ খনতকৈও অধিক বিমান চলায় আৰু কমেও ৪০ টা আন্তঃৰাষ্ট্ৰীয় বিমানকে ধৰি মুঠ ১৩০ টা গন্তব্যস্থানত সেৱা আগবঢ়ায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande