
শিৱসাগৰ, ০২ নৱেম্বৰ (হি.স.): শিৱসাগৰৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ। অহা ৪ আৰু ৫ নৱেম্বৰত উদযাপন কৰা হ'ব শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ।আঞ্চলিক শ্ৰীশ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগতো তথা ৰাইজৰ সহযোগত উদযাপন কৰা হ'ব ৰাস মহোৎসৱ। এই উপলক্ষ্য সম্পূৰ্ণ আখৰা কৰাত ব্যস্ত হৈ পৰিছে স্থানীয় শিল্পী তথা কলা কুশলী সকল।
নিখুতভাৱে ৰাস মহোৎসৱত যাতে নৃত্য, অভিনয় প্ৰদৰ্শন কৰিব পাৰে তাৰেই আখৰাত ব্যস্ত হৈ পৰিছে কলা কুশলী সকল। অন্যহাতে ৰাস মহোৎসৱৰ সময়ছোৱাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈয়ো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোক্তা সকলে।ৰাস মহোৎসৱলৈ যাবলগীয়া অতিথি সকলক আদৰিবলৈ তথা আপ্ৰাণ কৰিবলৈয়ো পিঠা-পনা প্ৰস্তুত কৰি এতিয়াৰে পৰা সাজু হৈছে বেতবাৰীবাসী লোকসকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ