ৰাস মহোৎসৱৰ বাবে নগৰবেৰাত ব্যাপক প্ৰস্তুতি
ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগৰবেৰাতো ব্যাপক প্ৰস্তুতি চলিছে ।
ৰাস মহোৎসৱৰ বাবে নগৰবেৰাত ব্যাপক প্ৰস্তুতি


বৰপেটা, ০২ নৱেম্বৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন বিহীন প্ৰথমটো ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগৰবেৰাতো ব্যাপক প্ৰস্তুতি চলিব ধৰিছে । অহা ৪ নৱেম্বৰৰ পৰা ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছে এই ৰাস মহোৎসৱ। ইফালে ৰাস উদযাপন সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি ৯৩ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ সন্দৰ্ভত কয় যে, ৰাস মহোৎসৱত ধৰ্মীয় আৰু সাংস্কৃতিক দুয়োটা দিশকে প্ৰধান্য দিয়া হৈছে ।

ৰাস মহোৎসৱৰ সমন্বয়ক বিষয়া শ্যামাচৰণ ঠাকুৰীয়া, সভাপতি দীনেশ কলিতা আৰু প্ৰধান সম্পাদক ৰাতুল কলিতাই কয় যে, ১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱ বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীৰ এক উমৈহতীয়া ধৰ্মীয় অনুষ্ঠান। ৯৩ সংখ্যক ৰাস মহোৎসৱৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত। শ্ৰীকৃষ্ণৰ লীলাৰ উপৰিও এইবাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামতো দুখন পৃথক ষ্টল থাকিব। এইবাৰ নিৰাপত্তাৰ দিশটোক বিশেষভাৱে গুৰুত্বাৰোপ কৰি ইতিমধ্যে ২৮ টা চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে। প্ৰায় ৫০ লক্ষাধিক টকাৰ বাজেট নিৰ্ধাৰণ কৰা নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত সকলো স্তৰৰ লোকৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৰাস উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande