
হোজাই, ১০ অক্টোবৰ (হি.স.): হোজাই আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত চোৰ। হোজাই চহৰৰ বিভিন্ন ঠাইত চুৰিকাৰ্য্যৰ ঘটনা সংঘটিত কৰি আহিছিল এই চোৰটোৱে। আৰক্ষীৰ নিদ্ৰাহৰণ কৰা গভাইত চোৰটো অৱশেষত আৰক্ষীৰ জালত পৰে।
প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি হোজাই ৰে'ল ষ্টেচনৰ পৰা যোৱা কালি বৃহস্পতিবাৰে নিশা আটক কৰে ধৃত চোৰটোক। ধৃত চোৰটোৰ নাম ৰাজু বুলি জানিব পৰা গৈছে। ধৃত চোৰটোৱে হোজাইৰ দক্ষিণ গোলাঘাটীয়া বস্তিৰ কালী মন্দিৰত চলাইছিল চাফাই অভিযান। আৰু তেতিয়াই চুৰিকাৰ্য্যৰ সম্পূৰ্ণ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত। চিচি টিভি কেমেৰাৰ দৃশ্য আৰক্ষীয়ে সংগ্ৰহ কৰি নিশাৰ ভাগতে অভিযান চলাই আটক কৰে চোৰটোক। উল্লেখ্য যে ধৃত চোৰটো পূৰ্বেও চুৰি কাণ্ড সংঘটিত কৰি ৪বাৰকৈ জেল-হাজতলৈ গৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ