
ঋষভ শেট্টীৰ বহু প্ৰত্যাশিত ছবি ‘কান্তৰা চেপ্টাৰ ১’ ২ অক্টোবৰত চিনেমাগৃহত মুক্তি পাইছিল আৰু এতিয়া ইয়াৰ ৮ দিন সম্পূৰ্ণ হৈছে। বক্স অফিচত এই ছবিখনে সুন্দৰ আৰম্ভনি কৰিছিল আৰু প্ৰথম সপ্তাহতে শক্তিশালী উপাৰ্জন কৰিছিল। দৰ্শক আৰু সমালোচক উভয়ে ছবিখনৰ কাহিনী, পৰিচালনা, অভিনয়ৰ প্ৰশংসা কৰে। অৱশ্যে ইয়াৰ সংগ্ৰহ এতিয়া সামান্য হ্ৰাসৰ সন্মুখীন হৈছে।
চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি, ‘কান্তৰা চেপ্টাৰ ১’ মুক্তিৰ অষ্টম দিনটোত ২০.৫০ কোটি টকা উপাৰ্জন কৰি আজিলৈকে একক দিনত সৰ্বনিম্ন সংগ্ৰহ লাভ কৰিছে। ইয়াৰ পূৰ্বে ছবিখনে সপ্তম দিনত ২৫.২৫ কোটি, ষষ্ঠ দিনত ৩৪.২৫ কোটি, পঞ্চম দিনত ৩১.৫ কোটি, চতুৰ্থ দিনত ৬৩ কোটি, তৃতীয় দিনত ৫৫ কোটি, দ্বিতীয় দিনত ৪৫.৪ কোটি, আৰু প্ৰথম দিনাই ৬১.৮৫ কোটি টকা উপাৰ্জন কৰিছিল । এইদৰে ছবিখনৰ মুঠ ভাৰতীয় উপাৰ্জন ₹৩৩৪.৯৪ কোটি হৈছেগৈ।
যদিও গতি কিছু লেহেমীয়া হৈছে, তথাপিও ছবিখনে বাজেট সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিছে। খবৰ অনুসৰি, কান্তৰা চেপ্টাৰ ১ৰ মুঠ বাজেট প্ৰায় ১২৫ কোটি ₹, আনহাতে ছবিখনে ইতিমধ্যে প্ৰথম সপ্তাহৰ ভিতৰতে বিশ্বজুৰি ₹৪৪৬ কোটিৰো অধিক উপাৰ্জন কৰিছে।
২০২২ চনৰ ব্লকবাষ্টাৰ ছবি কান্তৰাৰ প্ৰিক্যুৱেল কান্তৰা চেপ্টাৰ ১। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঋষভ শ্বেট্টী, ৰুক্মিণী বসন্ত, গুলচন দেৱৈয়া, আৰু জয়ৰামে। আচৰিত ধৰণৰ চিনেমাট’গ্ৰাফী, শক্তিশালী সংগীত, আৰু লোককথাৰে ভৰা এই কাহিনীটোৱে দৰ্শকক পুনৰবাৰ ‘কান্তৰা’ৰ ৰহস্যময় জগতখনত নিমজ্জিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ