বোকাৰ পদুম, ডিমৌত এডিআৰই ত উত্তীৰ্ণ হল মাছমৰীয়াৰ সন্তান
শিৱসাগৰ, ১০ অক্টোবৰ (হি.স.)। আজি ঘোষণা কৰা হ''লএ ডি আৰ ই ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭৬৫০ গৰাকী প্ৰাৰ্থীয়ে ৫০টাকৈ বিভাগত নিযুক্তি লাভ কৰে। এ ডি আৰ ই ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলত নিকা ভাৱে নিযুক্তি লাভ কৰাৰ পাছতে
বোকাৰ পদুম, ডিমৌত এডিআৰই ত উত্তীৰ্ণ হল মাছমৰীয়াৰ সন্তান


শিৱসাগৰ, ১০ অক্টোবৰ (হি.স.)। আজি ঘোষণা কৰা হ'লএ ডি আৰ ই ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭৬৫০ গৰাকী প্ৰাৰ্থীয়ে ৫০টাকৈ বিভাগত নিযুক্তি লাভ কৰে। এ ডি আৰ ই ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলত নিকা ভাৱে নিযুক্তি লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈছে পিতৃ-মাতৃ সহ গাঁৱৰ ৰাইজ। ডিমৌ চৰগুৱা গাঁৱত আনন্দমুখৰ পৰিবেশ।

অতি দৰিদ্ৰ পৰিয়ালৰ ভদ্ৰ কৃষ্ণ বড়া আৰু ৰুমী বড়াৰ পুত্ৰ মাধুৰ্য বড়া আজি ঘোষণা কৰা এ ডি আৰ ই ফলাফলত সফলতা লাভ কৰা বাতৰিয়ে গাঁওবাসীক আনন্দিত কৰি তুলিছে। পিতৃয়ে অতি কষ্টেৰে মাছ ধৰি বিক্ৰী কৰি পোৱা টকাৰে পুত্ৰক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিল। আজি পুত্ৰৰ সফলতাত আনন্দিত পিতৃ মাতৃ। নিকা আৰু স্বচ্ছ নিযুক্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande