ধেমাজিৰ গাই নদীৰ মথাউৰিৰ তলত যুৱতীৰ মৃতদেহ উদ্ধাৰ
ধেমাজি, ১০ অক্টোবৰ (হি.স.)। ধেমাজিৰ গাই নদীৰ মথাউৰিৰ তলত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ মৃত যুৱতী গৰাকীক ধেমাজি পাঁচআলিৰ জ্যোতিকা কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ মৃতদেহৰ সমীপত উদ্ধাৰ যুৱতী গৰাকীৰ স্কুটি সহ বেগ ৷ পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মথাউৰিৰ তলত প
ধেমাজিৰ গাই নদীৰ মথাউৰিৰ তলত যুৱতীৰ মৃতদেহ উদ্ধাৰ


ধেমাজি, ১০ অক্টোবৰ (হি.স.)। ধেমাজিৰ গাই নদীৰ মথাউৰিৰ তলত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ মৃত যুৱতী গৰাকীক ধেমাজি পাঁচআলিৰ জ্যোতিকা কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ মৃতদেহৰ সমীপত উদ্ধাৰ যুৱতী গৰাকীৰ স্কুটি সহ বেগ ৷

পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মথাউৰিৰ তলত পৰি থকা মৃতদেহটো ৷মৃতদেহটো প্ৰত্য়ক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হই মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মৃতদেহটোত কিছু আঘাটৰ চিহ্ন প্ৰত্য়ক্ষ কৰি যুৱতী গৰাকীক হত্য়া কৰা হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।আৰক্ষী অৱশ্য়ে উক্ত বিষয়ে আনুষ্ঠানিক ভাবে একো প্ৰকাশ কৰা নায়। যুৱতী গৰাকীক হত্যা কৰিছে নে আত্মহত্যা কৰিছে এই বিষয়ে মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতহে প্ৰকাশ কৰা হব বুলি তদন্তকাৰী আৰক্ষী বিষয়া গৰাকী সংবাদ মাধ্য়মক অবগত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande