হাজোত প্ৰায় ১৫ লক্ষাধিক টকাৰ মূল্যৰ মাকৈৰ বীজ চুৰি কৰি উধাও হল চোৰ
কামৰূপ, ১০ অক্টোবৰ (হি.স.)। হাজোৰ মিলপাৰাত নিশা চুৰিকাণ্ড সংঘটিত হয়। বৰছলি অঞ্চলৰ মুখ্য ব্যৱসায়িক প্ৰাণকেন্দ্ৰ হৈছে মিলপাৰা চ''ক। যোৱানিশা ৰহমান এন্টাৰপ্ৰাইজ নামৰ ব্যাৱসায়ীক প্ৰতিষ্ঠানৰ দৰ্জাৰ টলা কাটি চোৰে লৈ গ'' ল ৭০ বেগ উন্নত মানৰ মাকৈৰ
হাজোত প্ৰায় ১৫ লক্ষাধিক টকাৰ মূল্যৰ মাকৈৰ বীজ চুৰি কৰি উধাও হল চোৰ


কামৰূপ, ১০ অক্টোবৰ (হি.স.)। হাজোৰ মিলপাৰাত নিশা চুৰিকাণ্ড সংঘটিত হয়। বৰছলি অঞ্চলৰ মুখ্য ব্যৱসায়িক প্ৰাণকেন্দ্ৰ হৈছে মিলপাৰা চ'ক।

যোৱানিশা ৰহমান এন্টাৰপ্ৰাইজ নামৰ ব্যাৱসায়ীক প্ৰতিষ্ঠানৰ দৰ্জাৰ টলা কাটি চোৰে লৈ গ' ল ৭০ বেগ উন্নত মানৰ মাকৈৰ বীজ।

মিলপাৰাৰ মতিউৰ ৰহমান‌ৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ৰহমান এন্টাৰপ্ৰাইজৰ দৰ্জাৰ টলা কাটি চোৰে প্ৰায় ১৫ লক্ষাধিক টকাৰ মূল্যৰ মাকৈৰ বীজ চুৰি কৰি উধাও হল । অঞ্চলটোত চোৰে সঘনে ৰাইজৰ মুল্যবান সামগ্ৰী চুৰি কৰি বিপদত পেলাই আহিছে।

চুৰি কাৰ্য ৰোধ কৰিবলৈ স্থানীয় ৰাইজে অঞ্চলটোত আৰক্ষীৰ চোকা পহৰা আৰু মাকৈৰ বীজ চুৰি কাৰ্যৰ সৈতে জৰিত চোৰক কৰায়ত্ব কৰিবলৈ দাবী

জনাইছে ।

ঘটনা স্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে বিভিন্ন স্থানৰ চিচি কেমেৰাৰ ফুটেজ লৈ আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande