
কামৰূপ, ১০ অক্টোবৰ (হি.স.)। খেলে শিশুৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে। শিশু ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশত ডবা খেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে প্ৰতিগৰাকী অভিভাৱকে শিশুসকলৰ ডবা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ দায়িত্বও পালন কৰিব লাগে।এই মন্তব্য কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাৰ ।
আজি বাইহাটা চাৰিআলিৰ মাজগাওস্থিত চেণ্ট যোছেফ পাব্লিক স্কুলত চেছ একাডেমী শীৰ্ষক ডবা খেলৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি অভিভাৱক সকলক এনেদৰে আহ্বান জনাই । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক মুকুল কলিতাই ভাষণ প্ৰসঙ্গত ডবা খেলৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে । ভগীৰথ ডেকা আৰু যোগেশ ডেকাই আঁত ধৰা অনুষ্ঠানটিত অধ্যক্ষ ফাডাৰ বিধীন এণ্টনিও উপস্থিত থাকি ভাষণ প্ৰসঙ্গত ছাত্ৰ-ছাত্ৰী সকলক মানসিক উৎকৰ্ষ সাধনৰ লগতে নিয়মানুৱৰ্তীতা ৰক্ষাৰ ক্ষেত্ৰত ডবা খেলৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ।এই ক্ষেত্ৰত ছাত্ৰ -ছাত্ৰী সকলক আগভাগ ল'বলৈ আৰু ডবা খেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ফাডাৰ এন্টনিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা