হাউলীত আটক আইপিএলৰ এজন বুকি
বৰপেটা, ২২ মে’ (হি.স.): হাউলীৰ ইটাৰভিটাৰ এখন ফাৰ্মাচীত তালাচী চলাই আৰক্ষীয়ে এজন আইপিএল বুকিক আটক কৰে
আটক


বৰপেটা, ২২ মে’ (হি.স.): হাউলীৰ ইটাৰভিটাৰ এখন ফাৰ্মাচীত তালাচী চলাই আৰক্ষীয়ে এজন আইপিএল বুকিক আটক কৰে। হাউলী ইটাৰভিটাৰ শান্তিবজাৰৰ এখন ফৰ্মাচিত হাউলী আৰক্ষীয়ে কালি সন্ধিয়া অভিযান চলাই আটক কৰে ফাৰ্মাচিষ্ট তথা আইপিএলৰ এজন বুকিক ।

ফাৰ্মাচিষ্ট নামধাৰী বুকিজনে নিজৰ ফাৰ্মাচিখনত ঔষধৰ পৰিবৰ্তে বিক্ৰিকৰে আইপিএলৰ ইণ্ডিং জুৱা নম্বৰ । আটকাধীন বুকিজনৰ নাম শ্বফিউৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰা বুকিজনৰ পৰা নগদ ৪০২০ টকাৰ লগতে দুখন নোটবুকসহ এটা মোবাইল জব্দ কৰে । ইয়াৰ উপৰিও কালি সন্ধিয়া খন্দকাৰপাৰাৰ বজাৰত হাউলী আৰক্ষীয়ে আন এক অভিযান চলাই ছাজাহান আলী নামৰ এজন বুকিক আটক কৰিবলৈ সক্ষম হৈছে । আইপিএলৰ বুকী দুগৰাকীয়ে ইণ্ডিং নম্বৰ বিক্ৰী কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande